33.3 C
Assam
Thursday, August 18, 2022

Featured News

নগাঁৱৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত শনিবাৰৰ পৰা “শৰাই এদিন- গৰখীয়া সবাহ” উৎসৱ

Assamese Newsনগাঁৱৰ জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত শনিবাৰৰ পৰা "শৰাই এদিন- গৰখীয়া সবাহ" উৎসৱ

নিউজ ব্যুৰ’,নগাঁও,২৯জুলাই :– নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত অহা ৩০ আৰু ৩১জুলাইত বাৰ্ষিক “শৰাই এদিন আৰু গৰখীয়া সবাহ” উৎসৱটি আয়োজন কৰা হৈছে । ২৮ সংখ্যক উৎসৱৰ কাৰ্যসূচী অনুসৰি ৩০ জুলাইত পুৱা পৰিৱেশ নিকাকৰণ,মণিকূটত বন্তি প্ৰজ্বলনৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰিব উৎসৱ উদযাপন সমিতিৰ সভাপতি শুকুৰাম বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰিব প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে । ইয়াৰ পাছতে খোল আৰু নাম প্ৰসংগ তথা ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা হ’ব । মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা ড° বোধেন শইকীয়াই উদ্বোধন কৰিবলগীয়া ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত নগাঁও আৰু মৰিগাঁও জিলাৰ বহুকেইজন পাঠাচাৰ্য তথা ব্যাখ্যাকাৰক উপস্থিত থাকিব । সন্ধ্যা সমূহীয়া বন্তি প্ৰজ্বলন আৰু নিশা আপ্যায়নৰে প্ৰথমদিনাৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ৩১ জুলাইত পুৱা ভাগৱত পাঠৰ অন্তত ভক্তপ্ৰাণ সেৱকীসকলৰ শৰাই উৰ্চগা,খোল-নাম প্ৰসংগ আৰু দুপৰীয়া বাৰপূজীয়াৰ চৰাইবাহী সন্মিলিত নামতি দলৰ মহানামৰ লগতে সমূহীয়া ঘোষাৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি উৎসৱ উদযাপন সমিতিৰ সম্পাদক যোগী অনিল নাথে জনাইছে । উল্লেখ্য যে সাৰ্বজনীন গৰখীয়া থানখনি নগাঁৱৰ পুৰণি থানসমূহৰ ভিতৰত অন্যতম । প্ৰায় ৩০০বছৰ পুৰণি থানখনি আজিও স্ব-মহিমা আৰু স্ব-গৰিমাৰে উজ্জ্বীৱিত হৈ আছে । থানখনিৰ মাহাত্ম্যৰ কথা আজিও সভক্তিৰে স্মৰণ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: