Site icon Guwahati Times

এণ্টাৰ্কটিকাৰ অন্তৰ্ভাগত ডাঙৰ নদীৰ সন্ধান

উষ্ণায়নৰ ফলত মেৰু অঞ্চলৰ বৰফ গলাৰ বাতৰিয়ে বিশ্বত উদ্বিগ্নতাৰ সৃষ্টিৰ মাজতে এদল বিজ্ঞানীয়ে এণ্টাৰ্কটিকাৰ অন্তৰ্ভাগত এখন ৪৬০ কিল’মিটাৰ দীঘৰ ডাঙৰ নদীৰ সন্ধান লাভ কৰিছে।

আকাশ মণ্ডলত স্থাপন কৰা ৰাডাৰৰ জৰিয়তে এণ্টাৰ্কটিকাৰ হিমবাহৰ তলত প্ৰৱাহিত নদীখনৰ বিষয়ে ভূবিজ্ঞানীসকলে জানিব পাৰে। নদীখনৰ ওপৰৰ অংশত অৱস্থিত বৰফ গলিলে সমগ্ৰ বিশ্বৰ সাগৰ পৃষ্ঠ ১৪ ফুটলৈকে বৃদ্ধি পাব পাৰে।

জিঅ’থাৰ্মেল উষ্ণতা আৰু বৰফৰ প্লেটসমূহৰ ঘঁহনিৰবাবে মেৰুৰ হিমবাহৰ কিছু অংশ পানীলৈ পৰিৱৰ্তিত হ’ব পাৰে । আনহাতে হিমবাহৰ ভগ্ন অংশৰ জৰিয়তেও বহিৰ্ভাগৰ পানী হিমবাহৰ তললৈ যাব পাৰে।

এণ্টাৰ্কটিকাৰ অন্তৰ্ভাগত সন্ধান লাভ কৰা নদীখন ভূবিজ্ঞানীৰ বাবে গৱেষণাৰ নতুন সমলত পৰিণত হৈছে।।

Exit mobile version