Site icon Guwahati Times

পুনৰ বিপদত পৰিছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই!

আলফাৰ সমৰ্থন কৰি বিদ্ৰোহী কবিতা লিখা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই লৈ পুনৰ আহিছে বিপদ। বৰ্ষাশ্ৰী বিৰুদ্ধে ৰুজু হৈ থকা গোচৰত ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ব হ’ব আদালতত শুনানি।

সকলোৱে ভাবিছিল বৰ্ষাশ্ৰী বিৰুদ্ধে সকলো গোচৰ খাৰিছ কৰি ছাত্ৰী গৰাকীক মুক্তি দিয়া হৈছিল। কিন্তু তেনে কৰা দেখা নগ’ল। এতিয়া এই খবৰ প্ৰকাশ পোৱা পিছতেই ৰাজ্যজুৰি পুনৰ চৰ্চালৈ আহিছে বৰ্ষাশ্ৰী।

UAPA ৰ ধাৰা ১০ আৰু ১৩ ৰ শুনানি হ’বলৈ গৈ আছে বৰ্ষাশ্ৰী বিৰুদ্ধে। আৰক্ষীয়ে চাৰ্জশ্বীত দাখিল কৰাৰ পিছতেই গোলাঘাট সত্ৰ ন্যায়াধীশে বৰ্ষাশ্ৰীক দেউতাকৰ সৈতে হাজিৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখযোগ্য যে, বৰ্ষাশ্ৰী বুঢ়াগোহাঁইত ছিমেষ্টাৰ পৰীক্ষাও কাৰাগাৰতে বহি পৰীক্ষা দিব লগা হৈছিল। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও “মাজনী তই জেলতেই থাক” বুলিও সেই সময়ত মন্তব্য দিয়া দেখা গৈছিল।

Exit mobile version