Site icon Guwahati Times

২০২৩ত বহিঃবিশ্বত জীৱ বিচাৰি

ভাৰত, ৰাছিয়া, আৰু ইউৰোপীয়ান স্পেচ এজেন্সীয়ে ২০২৩ত যৌথভাৱে বহিঃবিশ্বত জীৱৰ অনুসন্ধান চলাব।

এই বৰ্ষত বৃহস্পতিৰ তিনিটা উপগ্ৰহ গেনিমেড, কেলিষ্ট’, আৰু ইউৰোপালৈ ‘জুপিটাৰ আইছি মুন’ মহাকাশযান প্ৰেৰণ কৰা হ’ব। মহাকাশযানখন লক্ষ্যস্থানত উপনীত হ’ব ২০৩১ বৰ্ষত।মহাকাশ বিজ্ঞানীয়ে অনুমান কৰিছে গ্ৰহকেইটাৰ ভুপৃষ্ঠৰ তলত বৰফৰ আকাৰত পানী জমা হৈ আছে।

আনহাতে, ২০২০ বৰ্ষত নাছাই ‘বেনু’নামৰ এক গ্ৰহাণুলৈ অৰিছিছ ৰেক্স নামৰ এখন মহাকাশযান প্ৰেৰণ কৰিছিল। অৰিছিছে গ্ৰহাণুটোৰ পৰা এক কিল’গ্ৰাম ওজনৰ ধূলি আৰু শিল সংগ্ৰহ কৰি পৃথিৱী অভিমূখে আহি আছে আৰু ২০২৩ত যানখন পৃথিৱীত অৱতৰণ কৰিব।

গ্ৰহাণুটোৰ ধূলি-শিলৰ পৰাও বহিঃবিশ্বৰ জৈৱজীৱন সম্পৰ্কে যথেষ্ট তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।।

Exit mobile version