Site icon Guwahati Times

সুৰাৰ ৰাগিত মাতাল হৈ বিমানৰ ভিতৰত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে যুৱকে, তাৰপাছত…!!!

এয়াৰ ইণ্ডিয়াৰ বিমানত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক পাটিয়ালা হাউছ কোৰ্টে ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। যোৱা বছৰৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মদ্যপান কৰি এগৰাকী বৃদ্ধাক প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল অভিযুক্ত শংকৰ মিশ্ৰৰ বিৰুদ্ধে।

এই গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত শংকৰ মিশ্ৰক পটিয়ালা হাউছ কোৰ্টত হাজিৰ কৰোৱাইছিল। তাৰ পৰাই তেওঁক জেললৈ প্ৰেৰণ কৰা হয়। মহিলাগৰাকীয়ে এয়াৰ ইণ্ডিয়াক দিয়া এজাহাৰৰ ভিত্তিত যোৱা ৪ জানুৱাৰীত দিল্লী আৰক্ষীয়ে মিশ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, য’ৰ পৰা শংকৰ মিশ্ৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেই ঠাইত তেওঁ প্ৰায়ে থাকিছিল। গোচৰৰ মতে, ২৬ নৱেম্বৰত এআই-১০২ বিমানত খাদ্য পৰিবেশন কৰাৰ পিছত লাইট বন্ধ কৰাৰ সময়ত বিজনেছ ক্লাছৰ ৮এ চিটত বহি থকা এজন মদ্যপান কৰা পুৰুষ যাত্ৰীয়ে এগৰাকী বৃদ্ধা মহিলাৰ আসনৰ ওচৰলৈ গৈ তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰে । ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩৫৪, ৫০৯, ৫১০ ধাৰা আৰু বিমান আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।

Exit mobile version