Site icon Guwahati Times

পহিলা মাঘৰ দিনটোতে বাৰপূজীয়াৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰত তিৱা পিচু,দুখনকৈ গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১৬ জানুৱাৰী:– অসমৰ ভৈয়ামৰ তিৱা জনজাতি লোকসকলৰ সমাজ জীৱনৰ পৰা হেৰাই যাব ধৰা সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিসমূহ জনজাতিটোৰ নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে বিগত ২০০৩ চনৰ পৰা নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত পহিলা মাঘৰ দিনটোতে তিৱা পিচু (বিহু) উদযাপন কৰি আহিছে বাৰপূজীয়াৰ তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিয়ে ।

বাৰপূজীয়াৰ ‘৪২ৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰত বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো সোমবাৰে পহিলা মাঘৰ দিনটোতে অনুষ্ঠিত কৰে তিৱা পিচু ৷ তিৱা পিচুৰ কাৰ্যসূচী অনুসৰি পুৱা তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ পতাকা উত্তোলন কৰে তিৱা ভাষা সংস্কৃতি চৰ্চা সমিতিৰ সভাপতি প্ৰবীণ চন্দ্ৰ কোঁৱৰে আৰু স্মৃতি তৰ্পণ কৰে ভাষা সংস্কৃতি চৰ্চা সমিতিৰ কাৰ্যকৰী সভাপতি দুলেন চন্দ্ৰ দেউৰীয়ে ৷ ইয়াৰ পিছতে দিনৰ ১১ বজাত তিৱা সকলৰ চামাদি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে তিৱা পিচু শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ৷ মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ তিৱা জনগোষ্ঠীৰ কৃষ্টি দলে অংশগ্ৰহণ কৰা এই তিৱা পিচুতে তিৱা সকলৰ ৰীতিনীতিৰ আধাৰত প্ৰকাশিত গ্ৰন্থ “ন’বাৰ” উন্মোচন কৰে বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ চন্দ্ৰ বৰদলৈয়ে আৰু “ঢোলৰ ছেৱ ” গ্ৰন্থখনি উন্মোচন কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নন্দিতা পাটৰে ৷ তিৱা পিচুত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ বিত্ত সঞ্চালক হেমন্ত কুমাৰ দেউৰী,সাহিত্য অকাডেমী ভাষা সন্মান প্ৰাপক হৰচিং খলাৰ,ফাইন চন্দ্ৰ ডেকাৰজাৰ লগতে কেইবাগৰাকী তিৱা জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version