Site icon Guwahati Times

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই..

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই

পুহ মাহ আৰম্ভ হ’বলৈ মাজত আৰু দুটামান দিন বাকি। জ্যোতিশ শাস্ত মতে এই মাহ কোনো শুভ কামৰ বাবে উচিত নহয়। কিন্তু ২ ৰাশিৰ বাবে বিশেষ ভাৱে ভাল হবলৈ গৈ আছে এই মাহ।

লগতে এই মাহ সূৰ্য্য গ্ৰহৰ বাবে অতি বিশেষ বুলি গণ্য কৰা হয়। যাৰ বাবে এই দুই ৰাশিয়ে সূৰ্য্যৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে।

মেষ ৰাশি
জ্যোতিষীসকলৰ মতে পুহ মাহ মেষ ৰাশিৰ বাবে অতি শুভ। যদি এই ৰাশিৰ লোকসকলৰ কোনো কাম বাকী আছে তেন্তে এই সময়ছোৱাত সেইবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৫ চনটোও এই ৰাশিৰ বাবে উপকাৰী হ’ব। যদি আপুনি মাটি, ঘৰ আৰু ফ্লেট কিনিব বিচাৰে, তেন্তে ট্ৰেনজিটৰ শুভ প্ৰভাৱৰ বাবে আপোনাৰ ইচ্ছা পূৰণ হ’ব আৰু যিকোনো পুৰণি বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব। এই সময়ছোৱাত চৰকাৰে আপোনাক সন্মান জনোৱাৰ সম্ভাৱনাও আছে। কৰ্মসংস্থাপনত থকাসকলে এই সময়ছোৱাত নিজৰ কেৰিয়াৰৰ পৰিসৰ বৃদ্ধিত সফলতা লাভ কৰিব। একে সময়তে পৰিয়ালৰ লোকে প্ৰতিটো খোজতে আপোনাক সহায় কৰিব আৰু পৰিয়ালৰ দায়িত্ব পালনত আপোনাৰ মন সুখী হ’ব।

সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলৰ বাবেও পুহ মাহ শুভ বুলি গণ্য কৰা হয়। এইসকল লোকৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে পুহ মাহত। লগতে ধন সম্পৰ্কীয় সমস্যাবোৰো দূৰ হ’ব পাৰে। এই সময়ছোৱাত দীৰ্ঘদিন ধৰি বাকী থকা আপোনাৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ছোৱাত নতুন কাম আৰম্ভ কৰাটো শুভ বুলি গণ্য কৰা নহয় যদিও নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰি। যদি আপুনি কোনো পৰীক্ষাত অংশ লৈছে তেন্তে আপুনি আকাংক্ষিত ফলাফল পাব পাৰে। মুঠৰ ওপৰত এই পুহ মাহে সুখৰ উপহাৰ কঢ়িয়াই আনিব সিংহ ৰাশিৰ বাবে।

Exit mobile version