Site icon Guwahati Times

আজিৰ পৰা অসমত সান্ধ্য আইন

ক’ৰোনা পৰিস্থিতিক লৈ সান্ধ্য আইন ঘোষণা কৰা হ’ল অসমত। কালি ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৩০০০ৰ সীমা স্পৰ্শ কৰাত যাৱতীয় সাৱধানতা অৱলম্বনৰ বাবে  সান্ধ্য আইন ঘোষণা কৰে।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ঘোষণা কৰা এই সান্ধ্য আইন আজি সন্ধিয়া ৮ বজাৰ পৰা জৰুৰীভাৱে কাৰ্যকৰী হ’ব। নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ অসমৰ সকলো জিলাতে কাৰ্যকৰী হ’বলগীয়া সান্ধ্য আইন ১ মে’লৈ চলিব।

এইখিনি সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ সান্ধ্য আইনৰ মাজতো চলি থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আনহাতে আইন অমান্য কৰিলে ধাৰা অনুযায়ী দণ্ড বিহা হব বুলি স্পষ্টভাৱে প্ৰকাশ কৰে নিৰ্দেশনাটোত।

 

Exit mobile version