Site icon Guwahati Times

নিশা শোৱাৰ আগত কি খালে ওজন কমিব দ্ৰুতগতিত ?

বহুতো লোকৰে নিশা দেৰিলৈকে থকাৰ অভ্যাস থাকে । এনেকুৱা বহুতো লোক আছে যিয়ে অফিচৰ বাবে নিশা দেৰিলৈকে থাকে । সেয়ে সকলো ক্ষেত্ৰত ৰাতি ভৰপূৰ খাদ্য খালেও মাজ নিশা খোৱাৰ প্ৰৱণতা বাঢ়ে ।

পুষ্টিবিদসকলে কয় যে এই ভোক মনৰ ভোক। যদি আপুনি এই ফান্দত পৰি চিপচ, কেক, চকলেট খায়, ই বিপদজনক! এই ক্ষেত্ৰত, ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। কোনো লোকে আকৌ ভোক পেটত লৈয়ে শোৱাৰ পাতিত পৰে আৰু এইটোৱে ক্ষতি কৰে ।

তেতিয়া হ’লে মাজনিশা কি খালে, ভোক পূৰণ হ’ব আৰু ওজন বৃদ্ধি নহয়?

(১) বহুলোকে ভাবে যে কল খালে শকত হয় । কিন্তু সেইটো একেবাৰে নহয়। এই ফল খাই ওজন নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ। কলত পৰ্যাপ্ত পৰিমাণে ফাইবাৰ থাকে যিয়ে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি ৰাখে। আন খাদ্য খোৱাৰ আকাংক্ষাও হ্ৰাস পায়। ফলস্বৰূপে, ওজন বৃদ্ধিৰ ভয়ও হ্ৰাস হয়।

(২)যদি গভীৰ ৰাতি ভোক লাগে, তেতিয়াহ’লে কেইটামান কাঠবাদাম খাব পাৰে। ইয়াত কেলৰি কম। এই বাদামত ফাইবাৰৰ লগতে প্ৰ’টিন থাকে। এই দুয়োটা উপাদানে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, কাঠবাদামত যথেষ্ট পৰিমাণে এণ্টি-অক্সিডেণ্ট থাকে।

(৩) এই ক্ষেত্ৰত, আপোনাৰ পছন্দৰ তালিকাত পিনাট বাটাৰো থাকিব পাৰে। প্ৰ’টিনেৰে ভৰপূৰ পিনাট বাদাম পেশী নিৰ্মাণত সহায় কৰে। ইয়াত সংৰক্ষিত ট্ৰিপ্টোফেনে টোপনিৰ সময়ত কেলৰি কমাত সহায় কৰে। ৰাতি শুবলৈ যোৱাৰ আগতে পিনাট বাদাম খোৱাটোৱে ওজন হ্ৰাস কৰিব। কলৰ স’তে এই মাখন খালে আৰু ভাল ফলা পোৱা যাব । কলত মেগনেছিয়াম আৰু পটাছিয়াম থাকে। ট্ৰিপ্টোফেনৰ স’তে মিহলি কৰা এই দুটা উপাদানে অধিক সোনকালে ওজন হ্ৰাস কৰে।

(৪) টোপনিত পেশী গঠনৰ বাবে দৈ অতি ভাল। ৰাতি এবাটি দৈ খালে সোনকালে হজম হয়। দৈত মাইক্ৰ’নিউট্ৰিয়েণ্টৰ থকাৰ বাবে ওজন হ্ৰাস কৰাতো ই যথেষ্ট কাৰ্যকৰী। অৱশ্যে, মিঠা দৈ নহয় টেঙা দৈ বা গ্ৰীক দৈ খালেহে উপকাৰী হ’ব।

(৫) যদি ৰাতি খোৱাৰ পাছত ভোক লাগে, তেন্তে চানা খাব পাৰি। প্ৰ’টিন সমৃদ্ধ চানাই মানৱ শৰীৰত পেশী গঢ়াত সহায় কৰে। শোৱাৰ ৩০ মিনিট আগতে মাত্ৰ দুই চামুচ চানা খোৱাটোৱে বিপাক ত্বৰান্বিত কৰে। ই চৰ্বি হ্ৰাস কৰাতো সহায় কৰে।

Exit mobile version