Site icon Guwahati Times

স্বপ্নদোষে শৰীৰত কিদৰে প্ৰভাৱ পেলাই? এই সমস্যা সমাধানৰ পথ কি?

স্বপ্নদোষ! বহুলোক এই সমস্যাত সন্মুখীন হৈ আহিছে। কিন্তু লাজতেই হওক বা ভয়তেই হওক, এনে সমস্যা চলি থাকিলেও চিকিৎসকৰ কাষ নাচাপে। ফলত দিনে দিনে সমস্যা অধিক জটিল হৈ পৰে।

এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এজন লোকে এই সমস্যাৰ সমাধান বিচাৰি পত্ৰ প্ৰেৰণ কৰিলে। কিন্তু ইয়াৰ উত্তৰত পল্লৱীয়ে এয়া একেবাৰেই সাধাৰণ কথা বুলি উল্লেখ কৰে। স্বপ্নদোষ বা টোপনিৰ অবস্থাত বীৰ্ষস্খলন খুবেই সাধাৰণ আৰু স্বাভাৱিক ঘটনা। ইয়াকলৈ মনত ভুল ধাৰণা ৰখাটো বেয়া কথা।

আচলতে আচলতে সমাজৰ এটা প্ৰচলিত ধাৰণা আছে, স্বপ্নদোষৰ ফলত শৰীৰ ভাঙি যায়। অসুস্থ হৈ পৰে শৰীৰ। পল্লৱীয়ে জনাইছে যে, এয়া একেবাৰেই ভুল ধাৰণা। ইয়াৰ যুক্তিসংগত কোনো ভিত্তি নাই।

এই ক্ষেত্ৰত পল্লৱীয়ে স্বপ্নদোষৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰিছে। বয়ঃসন্ধি কালত শৰীৰলৈ নানা পৰিৱৰ্তন আহে। দেখা দিয়ে হৰমনৰ ভাৰসাম্যহীনতাই। সেই সময়ৰ প্ৰতিক্ৰিয়া হিচাপে স্বপ্নদোষ হয়।

লগতে এই কথা ক’বলৈ পাহৰা নাই পল্লৱীয়ে। কৈছে যে, হস্তমৈথুন অধিক পৰিমাণে কৰিব নালাগে। ই স্বপ্নদোষত নেতিবাচক প্ৰভাব পেলায়। কিন্তু প্ৰয়োজন মতে, হস্তমৈথুন কৰিলে শৰীৰ শান্ত হৈ থাকিব, বীৰ্ষস্খলন নহ’ব।

যদি এই সমস্যা বয়ঃসন্ধি কালৰ পিছতো থাকে?

সেই ক্ষেত্ৰতো চিন্তিত হোৱাৰ কাৰণ নাই বুলি জনাইছে পল্লৱীয়ে। লগতে কৈছে যে, ইয়াৰ লগে লগে যদি শৰীৰত চুলি বাঢ়ি যায়, ওজন অস্বাভাৱিক ভাবে কমে বা বাঢ়ি যায় তেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

Exit mobile version