Site icon Guwahati Times

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ নিলয় দত্তৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট আইনজীৱী তথা ক্ৰিড়া সংগঠক নিলয় দত্তৰ পৰলোকপ্ৰাপ্তি। শনিবাৰে নিশা কৰ্নাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় জ্যেষ্ঠ অধিবক্তাগৰাকীৰ।

যোৱানিশা বাংগালুৰুৰ পৰা পত্নীসহ নিলয় দত্ত কুৰ্গলৈ গৈছিল বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ। বিবাহ বাৰ্ষিকীৰ অনুষ্ঠানৰ পাছতেই নিশা প্ৰায় ২ বজাত আকস্মিক মৃত্যু ঘটে নিলয় দত্তৰ।

মৃত্যুৰ সময়ত তেওঁৰ সৈতে আছিল পত্নী আৰু জীয়ৰী। উল্লেখ্য যে আইনৰক্ষেত্ৰখনৰ উপৰিও নিলয় দত্ত আছিল এগৰাকী আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ। ইপিনে বিশিষ্ট আইনজীৱীগৰাকী আছিল অৰুণাচলৰ এডভোকেট জেনেৰেল।

দত্তৰ পৰিয়ালে কুৰ্গতে তেওঁৰ অন্তিম সংস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে ৰাজ্যৰ বিশিষ্ট আইনজীৱীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Exit mobile version