Site icon Guwahati Times

পিতৃক হেৰুৱা কিংকিনী আৰু সিদ্ধার্থই ধন্যবাদ দিলে অসম চৰকাৰক!

শহুৰেকক হেৰুৱাই শোকত ভাঙি পৰা বোৱাৰীয়েক কিংকিনীয়ে উচুপি উচুপি বাৰে বাৰে ক’লে মূৰৰ ওপৰৰ ছাদখন নাইকীয়া হোৱাৰ কথা৷


“দেউতা এনেকৈ আমাক এৰি গ’লগৈ৷ আমাৰ ভয় লাগিছে, ‘সিদ্ধাৰ্থ আৰু মই বৰ অকলশৰীয়া হৈ পৰিলো৷ ঘৰৰ মুৰব্বীজনেই নোহোৱা হ’ল৷ আমাৰ প্ৰত্যেক সিদ্ধান্ত দেউতাক সুধি লৈছিলো এতিয়া আমি কাক সুধিম? দেউতা বৰ সোনকালে গ’লগৈ,” কিংকিনীয়ে কয়।

ইপিনে পুত্র সিদ্ধার্থয়ো পিতৃক হেৰুৱাই মৰ্মাহত হৈ পৰিছে৷ পিতৃক ইমান সোনকালে বিদায় দিব লাগিব বুলি ভাৱিবই পৰা নাছিলো বুলি সিদ্ধাৰ্থই কয়।

“দেউতা বৰ সোনকালে গ’লগৈ৷ তেওঁৰ বৰ হেপাঁহ আছিল নিজে পৰিচালনা কৰা ডঃ বেজবৰুৱা-২ খন মুকলি হোৱাৰ দিনটোলৈ৷ দেউতাৰ সেই আশা পূৰণ নহ’ল৷ প্ৰতিমুহূৰ্ততে কাৰোবাক লগ পালেই তেওঁ ছবিখনৰ কথা কৈছিল৷ দেউতা হাস্পতালত থকা সময়খিনিত অসম চৰকাৰৰ যন্ত্ৰীবৰ্গই প্ৰতিসময়তে খবৰ ৰাখিছে৷ তাৰবাবে মই অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো। দেউতাক ৰাজ্যিক মর্যাদাৰে শেষ বিদায় জনাব জানি ভালপাইছো৷ অসম চৰকাৰক দেউতাক দিয়া এই সন্মানৰ বাবেও ধন্যবাদ,” সিদ্ধাৰ্থই কয়।

Exit mobile version