Site icon Guwahati Times

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্ত

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি বিয়লি ৪ বজাত অন্ত পৰিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি নাগালেণ্ডত প্রায় ৮৩ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানে জনোৱা মতে সৰু-সুৰা দুই এটা ঘটনাৰ বাহিৰে ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই উত্তৰ আংগামী দুই নম্বৰ সমষ্টিৰ বাবে চৰকাৰী মধ্য বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰে। নাগালেণ্ড বিধানসভাৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খনৰ আসনৰ বাবে পুৱা ৭ বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগ্রহণ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, নাগালেণ্ডৰ ইতিহাসত বৰ্তমানলৈকে বিধানসভা নিৰ্বাচনত কোনো মহিলা প্রার্থীয়ে জয়লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। বিজেপিয়ে ইতিমধ্যে এখন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।

Exit mobile version