Site icon Guwahati Times

দেশৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিয়ে এই বছৰ ৭৫ হাজাৰ কোটি ডলাৰ অতিক্ৰম কৰিবঃ পীযূষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে দেশৰ সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিয়ে এই বছৰ ৭৫ হাজাৰ কোটি ডলাৰ অতিক্ৰম কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, যোৱা বছৰৰ ৰপ্তানিৰ পৰিমাণ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতে অতিক্ৰম কৰিছে। নতুন দিল্লীত ৰাইছিনা আলোচনা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে স্থিৰতা আৰু গুণগত মানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুণগত মান সন্দৰ্ভত সচেতনাত সৃষ্টিৰ উদ্দেশ্যে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি শ্ৰীগোৱেলে কয় যে গুণগত নিয়ন্ত্ৰণ নিৰ্দেশনা চাৰিগুণ বৃদ্ধি পাইছে আৰু এই নিৰ্দেশনাৰে সম্প্ৰতি ৪৪০ বিধ সামগ্ৰী সামৰি লোৱা হৈছে। তেওঁ কয় যে অহা দুবছৰত সামগ্ৰীৰ সংখ্যা দুহেজাৰলৈ বৃদ্ধি পাব আৰু ই শূন্য ত্রুটি, শূন্য প্রভাৱত আকাংক্ষাত উপনীত হোৱাত সহায় কৰিব। দেশৰ ব্যৱসায় ব্যৱস্থা স্থিৰ আৰু বিনিয়োগকাৰীৰ অনুকূল বুলি অভিহিত কৰি শ্রীগোৱেলে কয় যে, অর্থ সংবাহক শৃংখলাত বিনিয়োগৰ বাবে ভালেসংখ্যক কোম্পানীয়ে ভাৰতৰ সৈতে আলোচনা কৰি আছে।

Exit mobile version