অসমত লকডাউন দিবলগীয়া পৰিৱেশ হোৱা নাইঃ হিমন্ত বিশ্ব শৰ্মা

1 min read

গুৱাহাটীঃ অসমত ক’ভিডৰ বাবে লকডাউন দিবলগীয়া পৰিৱেশ হোৱা নাই। এই কথা দোহাৰি সোমবাৰে ৰাইজক আশ্বস্ত কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মন্তব্য—”অসমত লকডাউনৰ পৰিৱেশ নাই। কিয়নো আমাৰ পজিটিভিটীৰ হাৰ মাত্ৰ ০.৫ শতাংশ। যেতিয়ালৈকে ক’ভিড থাকে, তেতিয়ালৈকে ০.৫ শতাংশ পজিটিভিটী থাকিবই। লকডাউন কৰিও ক’ভিড ০.৫লৈকেহে নমাব পাৰিব।”

ড০ শৰ্মাই কয় যে লকডাউনৰ কথা চৰকাৰে চিন্তা কৰা নাই। ইয়াৰ বিপৰীতে চৰকাৰে পৰীক্ষা আৰু প্ৰতিষেধকৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছে।

তদুপৰি তেওঁ কয় যে বিগত বৰ্ষৰ তুলনাত এইবাৰৰ ক’ভিড অধিক জটিল নহয়।

“এইবাৰ যিটো ক’ভিড হৈছে, সেইটো ‘virulent’ নহয়। অৰ্থাৎ এয়া বহুত বেছি ‘critical’ নহয়।”—এনেদৰে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

You May Also Like

More From Author