নুনমাটিত শাহুৱেকক বলাৎকাৰ লম্পট জোঁৱায়েকৰ

0 min read

মহানগৰীৰ নুনমাটিত এক জঘন্য ঘটনা সংঘটিত হৈছে৷ ঘৰত কোনো নথকাৰ সুযোগ গ্রহণ কৰি লম্পট জোঁৱায়েকে শাহুৱেকক ধর্ষণ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত জোঁৱায়েক ভূপেন ডেকাক গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷

আৰক্ষী সূত্রে জানিব পৰা মতে, লম্পট জোঁৱায়েক ভূপেন ডেকাই কালি নুনমাটিস্থিত শাহুৱেকৰ ঘৰলৈ যায়৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পটটোৱে শাহুৱেকক বলাৎকাৰ কৰে৷ ঘটনা সন্দর্ভত ৪২ বছৰীয়া মহিলাগৰাকীয়ে কালি পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৮ ধাৰাৰ অধীনত ১৫৮/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি অভিযুক্ত জোঁৱায়েকক ভঙাগড়ৰ পৰা গ্রেপ্তাৰ কৰে৷

ভঙাগড়ৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা ধর্ষণৰ অভিযুক্ত লম্পটটোক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি সোধা–পোছা কৰাত তেওঁ আৰক্ষীৰ আগত শাহুৱেকক ধর্ষণ কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ উল্লেখ্য যে তেওঁৰ পত্নীৰ লগতে এটি দুবছৰীয়া সন্তানো আছে৷ কাইলৈ ধর্ষণৰ অভিযুক্ত লম্পটটোক আৰক্ষীয়ে আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে৷

You May Also Like

More From Author