Site icon Guwahati Times

ৰিয়েলিটি শ্ব’ত আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল নোৰা ফটেহীক ! তাৰপাছত…

কৰিঅ’গ্ৰাফাৰ তথা ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াজ বেষ্ট ডাঞ্চাৰ’ৰ জজ টেৰেঞ্চ লুইছ আৰু নৃত্য শিল্পী নোৰা ফটেহী বিগত কেইবাদিন ধৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে।

টেৰেঞ্চৰ এটা ভিডিঅ’ বিতৰ্কিত হৈ পৰিছে। ভিডিঅ’টোত তেওঁ সহ-জজ নোৰা ফটেহীৰ পাছফালে (হিপ)ত স্পৰ্শ কৰা দেখা গৈছে।

এই ভিডিঅ’টো শ্বেয়াৰ কৰি বিভিন্নজনে টেৰেঞ্চক তীব্ৰ সমালোচনা কৰিছে।

কিন্তু এই ঘটনা সন্দৰ্ভত নোৰাই টেৰেঞ্চৰ পক্ষত থাকি ক’লে যে সেইটা এটা মফৰ্ড ভিডিঅ’ হয় আৰু Photoshopped ফটো আছিল।

নোৰা ফটেহীৰ উচিত প্ৰত্যুত্তৰ

নোৰা ফটেহীয়ে কমেণ্টত ক’লে যে তেওঁ টেৰেঞ্চ লুইছক যথেষ্ট সন্মান কৰে।

নোৰাই লিখিলে, ‘ধন্যবাদ টেৰেঞ্চ! বৰ্তমান সময়ত ছচিয়েল মিডিয়াত ভিডিঅ’ মফৰ্ড কৰা হৈছে আৰু ফটোশ্বপেৰে ইফেক্টছ দি মীম বনোৱা হৈছে।

মই সুখী যে আপুনি নিজকে অশান্ত হ’বলৈ দিয়া নাই। আপুনি শান্ত আৰু নম্ৰ হৈ আছে।

এই সময়ো উকলি যাব। নোৰাই লগতে লিখিলে যে, ‘আপুনি আৰু গীতা বাইদেৱে মোক সদায় সন্মান দিছে আৰু শ্ব’ত জজ হিচাপে মৰম দিছে।

এয়া মোৰ বাবে সুখৰ আৰু শিকাৰ এটা যোগ্য অনুভৱ। আপোনালোকৰ ওপৰত সদায় আৰ্শীবাদ থাকিব।’

Exit mobile version