Site icon Guwahati Times

ছাত্ৰীয়েই নহয়, ছাত্ৰয়ো পাব স্কুটী….

ছাত্ৰীয়েই নহয়,আগন্তুক দিনত ছাত্ৰয়ো লাভ কৰিব স্কুটী। মাজুলীত ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। এই স্কুটীখন লৈ য’লৈকে যাব সফলতাৰ বাতৰি লৈ যাব। অন্যান্য ছাত্ৰ-ছাত্ৰীসকলকো কষ্ট কৰি অধ্যয়ণ কৰি ভাল ফলাফল কৰিব পাৰে তাৰ বাবে উৎসাহিত কৰিব। এইখন স্কুটী সফলতাৰ প্ৰতীক বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সফলতাই হাজাৰজনক ভালকৈ পঢ়াৰ বাবেও  উৎসাহিত কৰিব।

ছাত্ৰীয়েই নহয়, ৰাজ্যৰ মেধাৱী ছাত্ৰক লৈও বিশেষ আঁচনিৰ চিন্তা–চৰ্চা কৰিছে চৰকাৰে। ভৱিষ্যতে ছাত্ৰকো স্কুটী দিয়াৰ পৰিকল্পনাৰ কথা সদৰী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয় – ‘‘ভৱিষ্যতৰ দিনত আমি ছাত্ৰসকলৰ বাবেও এনেধৰণৰ আঁচনি আৰম্ভ কৰিম। যিসকল ছাত্ৰীয়ে স্কুটী পাবলৈ সক্ষম হ’ল, এই স্কুটীখনে য’লৈকে যাব আমাৰ সফলতাৰ বতৰা কঢ়িয়াই লৈ যাব। সেইবাবে আমি ভৱিষ্যতে মেধাৱী ছাত্ৰসকলৰ বাবেও এনেধৰণৰ আঁচনি আৰম্ভ কৰিম।’’

Exit mobile version