Site icon Guwahati Times

অৰুণাচল প্ৰদেশত NSCN (K-YA)ৰ ২ সক্ৰিয় সদস্যক আটক

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নাম্পংত আসাম ৰাইফল’ছৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত। অভিযানৰ সময়ছোৱাত আসাম ৰাইফল’ছৰ জোৱানে দুটাকৈ আগ্নেয়াস্ত্রসহ দুজন NSCN (K-YA)ৰ সক্ৰিয় সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটোকাধিন NSCN (K-YA) সদস্য কেইজনৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহ হৈছে এটা চাইনিজ AK ৰাইফল, ২টা মেগাজিন, AK ৰাইফলৰ ৪৯০ ৰাউণ্ড সজীৱ গুলি, এটা পিষ্টল, ৱাকি টকি আৰু বহু পৰিমাণৰ বৈদ্যুতিক তাঁৰ। অতকাধিন সদস্য ক্ৰমে গঙ্গৱাং ৱাংলী (৩৭) আৰু নয়ন কুমাৰ চাকমা (৪২) বুলি আসাম ৰাইফল’ছৰ সূত্ৰে জানিব পৰা গৈছে। দুয়োকে বৰ্তমান নাম্পং আৰক্ষীক গতাই দিয়ে অসম ৰাইফল’ছৰ জোৱানে।

Exit mobile version