Site icon Guwahati Times

১৬ মাৰ্চৰ পূৰ্বে ১২ টকা পৰ্যন্ত বাঢ়িব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম, তেল কোম্পানীৰ হৈ আছে লোকচান

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হৈছে। ইমানৰ পিছতো পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে চাৰিমাহ ধৰি ভাৰতীয় বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হোৱা নাই।

ICICI চিকিউৰিটিজে এক প্ৰতিবেদনত কৈছে যে, যোৱা দুমাহত বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত চৰকাৰৰ মালিকানাধীন খুচুৰা তেল কোম্পানীবোৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ঘৰুৱা তেল কোম্পানীবোৰে কেৱল ব্যয় পূৰণ কৰিবলৈ ১৬ মাৰ্চ, ২০২২ তাৰিখে বা তাৰ আগতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১২.১ টকা বৃদ্ধি কৰিব লাগিব।

আইচিআইচিআই চিকিউৰিটিজে কয় যে, যদি লাভ যোগ কৰা হয়, তেওঁলোকে প্ৰতি লিটাৰত মূল্য ১৫.১ টকা বৃদ্ধি কৰিব লাগিব। প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেল ৮৫ শতাংশ আমদানি কৰে। সেয়েহে, ঘৰুৱা পৰ্যায়ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য খাৰুৱা তেলৰ বিশ্বব্যাপী মূল্যৰ দ্বাৰা প্ৰভাৱিত হয়।

ৰিপৰ্ট অনুসৰি, ঘৰুৱা বজাৰত দীপাৱলীৰ পৰা মূল্য বৃদ্ধি নোহোৱাৰ বাবে, খুচুৰা তেল কোম্পানীবোৰৰ মুঠ লাভ ৩ মাৰ্চ, ২০২২ তাৰিখলৈকে প্ৰতি লিটাৰত ৪.২৯ টকাৰ তলত উপনীত হৈছে। যদি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা নহয়, বৰ্তমানৰ বিশ্বব্যাপী মূল্যত এই কোম্পানীবোৰৰ মুঠ লাভ ১৬ মাৰ্চৰ ভিতৰত শূন্যৰ তলত প্ৰতি লিটাৰত ১০.১ টকা আৰু ১ এপ্ৰিল, ২০২২ লৈ প্ৰতি লিটাৰত ১২.৬ টকা হ’ব পাৰে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল প্ৰতি বেৰেলত ১২০ ডলাৰলৈ বৃদ্ধি পাইছে। যি যোৱা ৯ বছৰৰ ভিতৰতে সৰ্বাধিক। অৱশ্যে পিছত এই খাৰুৱা তেল প্ৰতি বেৰেলত ১১১ ডলাৰলৈ হ্ৰাস হোৱাৰ পিছত মূল্য কিছু হ্ৰাস হয়। ইয়াৰ পিছতো তেলৰ ব্যয় আৰু খুচুৰা বিক্ৰী হাৰৰ মাজৰ ব্যৱধান বাঢ়ি গৈ আছে।

Exit mobile version