Site icon Guwahati Times

অ এন জি চি অপহৰন প্ৰসংগঃডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ

অ এন জি চিৰ তিনি বিষয়াৰ অপহৰণত সহযোগিতা থকাৰ অভিযোগত আজি ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ডিব্ৰুগড়ৰ পৰা ধিৰাজ চেতিয়া নামৰ এজনক অ এন জি চিৰ তিনি বিষয়া অপহৰণত আলফাক সহায় কৰা অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয়।ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধিৰাজক।

অপহৰণ কাণ্ডটোত ব্যৱহৃত বাইক আলফা স্বাধীনক যোগান ধৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰে ধিৰাজ।তদন্তৰ খাতিৰত
ইতিমধ্যে শিৱসাগৰ আৰক্ষীক চমজাই দিয়া হৈছে ধিৰাজক।

ইফালে এই সমগ্ৰ ঘটনাৰ তদন্তত নামি ডিব্ৰুগড় জিলাৰ পৰা প্ৰায় ১০ জন অভাৰ গ্ৰাউণ্ড আলফা স্বাধীনৰ বিদ্ৰোহীক জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা বুলি ডিব্ৰুগড় আৰক্ষীৰ এক উচ্চ স্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে।অৱশ্য তদন্তৰ খাতিৰত আৰক্ষীয়ে সকলো মুখ খুলি প্ৰকাশ কৰিব বিচৰা নাই।

Exit mobile version