Site icon Guwahati Times

কমিছে নেকি যৌন শক্তি? পিঁয়াজে আনিব পাৰে সন্তুলন

আজিৰ ব্যস্ত জীৱনশৈলী, অনিয়মীয়া বা অনিয়ন্ত্ৰিত আহাৰ আৰু অত্যধিক চাপে মানুহৰ যৌন জীৱনক প্ৰভাৱিত কৰিছে। বহু লোকৰ চিন্তা হৈছে এই সমস্যাক লৈ। আনহাতে শাৰীৰিক সম্পৰ্ক বা যৌন জীৱনক অৱহেলাও কৰিব নোৱাৰি।

আনহাতে দেখা যায় যে বহু লোক বয়সৰ বাবে যৌন সম্ভোগ কৰিবলৈ অনিচ্ছুক হৈ যায়। বয়সৰ লগতে নানা বেমাৰৰ কাৰণেও যৌন ক্ষমতা কমি যায়। এনে অৱস্থাত মনৰ ইচ্ছা থাকিলেও শাৰীৰিক সামৰ্থ্যৰ অভাৱ হয়।
কিন্তু আপুনি জানেনে, ইয়াৰ এটা সমাধান আছে যি আমাৰ যৌন সামৰ্থ্য প্ৰায় তিনিগুণ বৃদ্ধি কৰিব পাৰে! সকলোৰে ঘৰত আছে এই সমাধান, আৰু সমাধানটো হৈছে পিঁয়াজ।

একাধিক অধ্যয়নত পোৱা গৈছে যে পিঁয়াজৰ ৰসৰ ফলত হ’ৰমন টেষ্টোষ্টেৰনৰ নিঃসৰণ যথেষ্ট বৃদ্ধি হয়। ইয়াৰ ফলত, যৌন সম্ভোগৰ বাসনা বা শক্তিও বৃদ্ধি হয়। হ’ৰমন বিশেষজ্ঞ ইলিছা ভিটি-ৰ মতে, পিঁয়াজৰ ৰসে লাহে লাহে আমাৰ কামশক্তি বৃদ্ধি কৰে, আমাৰ জননেন্দ্ৰিয় সক্ৰিয় কৰি তোলে।

উল্লেখ্য যে প্ৰতি ৰাতিপুৱা অলপ মাখন আৰু মধুৰ সৈতে পিঁয়াজৰ ৰস খোৱাৰ ফলত আমাৰ যৌন শক্তি তিনিগুণলৈ বৃদ্ধি হ’ব পাৰে।

Exit mobile version