Site icon Guwahati Times

দৈনিক কেঁচা পিঁয়াজ খায় নেকি? যদি খায় তেন্তে শৰীৰত হ’ব পাৰে এনে পৰিঘটনা!

দৈনন্দিন ৰন্ধন-প্ৰকৰণত পিঁয়াজৰ গুৰুত্ব অনস্বীকাৰ্য। আপুনি দৈনিক পিঁয়াজ খায় নেকি? তেন্তে আপোনাৰ শৰীৰত হ’ব পাৰে এনেবোৰ পৰিঘটনা। পিঁয়াজৰ আছে বহু উপকাৰিতা।

২৫০০ বছৰৰ আগতে পিঁয়াজক মানুহে পূজা কৰিছিল। পিঁয়াজ খালে অমৰ হোৱা বুলি বিশ্বাস কৰিছিল একাংশ লোকে। কিন্তু বৰ্তমান সেই অন্ধবিশ্বাস দূৰ হ’ল। পিঁয়াজ খালে যে অমৰ হয় তেনে নহয় কিন্তু সদায় পিঁয়াজ খালে শৰীৰ কিছু গুণাগুণ বৃদ্ধি হয় যিয়ে শৰীৰটো সবল হৈ থকাত সহায় কৰে।

পিঁয়াজ অত্যধিক পুষ্টিসম্পন্ন। প্ৰ’টিন আৰু ফাইবাৰৰ লগতে আছে ভিটামিন চি, ফলিক এছিড, পিঁয়াজ কাটিলে চকুৰ পানী উৎপন্ন কৰিব পৰা ছালফিউৰিক যৌগিক আৰু কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা আৰু স্বাস্থ্য়ৰ বাবে প্ৰয়োজনীয় বহুকেইটা উপাদান আছে পিঁয়াজত। সদায় পিঁয়াজ খালে এটা সুস্থ শৰীৰ গঢ় দিব পাৰি।

পিঁয়াজৰ কেইটামান গুণাগুণ—

  • কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি
  • ডায়েবেটিছ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
  • হৃদ ৰোগৰ বাবে পিঁয়াজ উপকাৰী
  • ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি
  • এলাৰ্জীৰ পৰা উপশম
  • খাদ্য বিষক্ৰিয়া কম পৰিমাণে হয়
  • তেজৰ বিভিন্ন উপাদান বৃদ্ধিত সহায়ক
  • টোপনি আৰু মানসিক অৱস্থা উন্নত কৰে

যদিহে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল’ব বিচাৰে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অৱসাদ দূৰ কৰাৰ বাবে প্ৰতিদিনে কেঁচা পিঁয়াজ খোৱাটো উপকাৰী। কোনো উপকৰণৰ পিঁয়াজ খোৱাতকৈ কেঁচা পিঁয়াজ খালে ইয়াৰ যোগাত্মক দিশৰ বিষয়ে নিজেই অনুধাৱন কৰিব পাৰি। গতিকে প্ৰতিদিনে পিঁয়াজ খাওক আৰু সুস্থ থাকক।

Exit mobile version