গুৱাহাটীত অনলাইন দেহ ব্যৱসায়, সুন্দৰী যুৱতীৰ ফটো দি আকৰ্ষিত কৰে গ্রাহকক

1 min read

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দীর্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এইবাৰ এটা চক্ৰই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সুন্দৰী যুৱতীৰ ফটো গ্রাহকলৈ পঠিয়াই নাৰী দেহৰ বেহা চলাই আহিছিল৷

মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি হাতীগাঁও আৰক্ষীয়ে ঘোঁৰামৰাত অভিযান চলাই এটা নাৰী দেহ ব্যৱসায়ী চক্রক উৎখাত কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ অভিযানত এই চক্রটোৰ সৈতে জড়িত তিনি যুৱক–যুৱতীক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱক–যুৱতীকেইজন ক্রমে হেঙেৰাবাৰীৰ বাবলু দাস, বৰমাৰ মিনু দাস আৰু ওদালগুৰিৰ নাজিদা বেগম৷ আৰক্ষী সূত্রই জনোৱা মতে, বাবলু দাস আৰু মিনু দাসে দীর্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আছিল৷

হাতীগাঁও আৰক্ষীয়ে কালি গোপন সূত্রৰ পম খেদি ঘোঁৰামৰাৰ ভাৰাঘৰৰ পৰা যৌনকর্মী নাজিদা বেগম, মিনু দাস আৰু বাবলু দাসক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে দেহ ব্যৱসায়ীকেইজনৰ ভাৰাঘৰৰ পৰা কিছু আপত্তিজনক সামগ্রী জব্দ কৰে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰি আটাইকেইজনক জে’ল হাজোতলৈ প্রেৰণ কৰে৷

Source: Niyomiya Barta

You May Also Like

More From Author