fbpx

অনলাইনত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষী অপৰাধ শাখাই মহিলাসহ তিনিজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনলাইনত গুৱাহাটীৰ বিলাসী হোটেলত দেহ ব্যৱসায় চলোৱা সন্দর্ভত অপৰাধ শাখাই ৰুজু কৰা ০৯/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত অভিযান চলাই মাষ্টাৰ মাইণ্ড মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ, পাণবজাৰৰ মিনার্ভা হোটেলৰ মেনেজাৰ নয়নমণি পাটোৱাৰী আৰু দীয়া শর্মা ওৰফে জোনাকী বেগমক গ্রেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে দিল্লী–বিহাৰ–মহাৰা আৰু গুৱাহাটীত অনলাইনৰ জৰিয়তে মুকুল ভৰদ্বাজে দেহ ব্যৱসায় চলাই আহিছিল৷ সম্প্রতি মহানগৰ আৰক্ষী অপৰাধ শাখাই তদন্ত অব্যাহত ৰাখিছে৷

 

Source: Niyomiya Barta

error: Content is protected !!