Site icon Guwahati Times

এতিয়াৰে পৰা মুকলি হ’ব ডিজিটেল পাঠ্যপুথিঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডত বিষয়াৰ সৈতে বৈঠকত মিলিত হয় শিক্ষা মন্ত্ৰী  ৰণোজ পেগু।

এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে ডিজিটেল পাঠ্যক্ৰমৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে ৷ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই পাঠ্যক্ৰমৰ প্ৰস্তুতি কৰা হৈছে ৷ পাইলট প্ৰজেক্ট হিচাপে গণিত বিষয়ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷

আনহাতে অহা ১০ দিনৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি বিতৰণ কৰা হ’ব ৷ ইতিমধ্যে ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। এসপ্তাহৰ ভিতৰত সকলো সম্পূৰ্ণ হৈছে। লগতে লখিমপুৰ, ধেমাজি বাক্সাকে ধৰি কেইবাখনো জিলাত পাঠ্যপুথিৰ অভাৱ হৈছে ৷ শীঘ্ৰে এই অভাৱ দুৰ কৰা হ’ব৷

লগতে মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে পৰিস্থিতি উন্নত হ’লে হ’ব মেট্ৰিক আৰু উচ্চ মাধ্যমিক পৰীক্ষা। সাজু হৈ আছে শিক্ষা বিভাগ ।স্বাস্থ্য বিভাগৰ গাউড লাইন পালে অনুষ্ঠিত হ’ব পৰীক্ষা ৷

Exit mobile version