Site icon Guwahati Times

ৰূপচর্চাত কমলা !

ৰূপচর্চাত কেনেদৰে ব্যৱহাৰ কৰিব কমলা-

১) মুখত কমলাৰ ৰস এনেই সানিব পাৰে। কেইমিনিটমান পাছত ধুই দিব। ময়লাৰে বন্ধ হোৱা ছালৰ ছিদ্রবোৰ কমলাৰ ৰসে খুলি দিব আৰু ছালখন পৰিষ্কাৰ হ’ব। উজ্জ্বলতাও বাঢ়িব।
২) টোনাৰ হিচাবেও কমলা ব্যৱহাৰ কৰা যায়। এটা কমলাৰ ৰসত দুচামুচ পানী মিলাই ফ্রীজত থৈ দিব। মুখ পৰিষ্কাৰ কৰাৰ পাছত অলপ ৰস সানি থওঁক। কিছু পৰ পাছত তিতা টিছু পেপাৰেৰে মুখখন মুচি মইশ্বাৰাইজাৰ লগাওঁক।

৩) কমলাৰ বাকলি শুকাই গুৰি কৰি ৰাখিব পাৰে। তাৰে সৈতে টেঙা দৈ মিহলাই মুখত সানিব। এই ফৰ্মূলাৰে প্রাকৃতিকভাৱে ব্লিচ ছালখনৰ কৰা যায়।
৪) গা ধোৱাৰ সময়ত অলপ বেছনৰ সৈতে কমলাৰ শুকান গুৰি মিহলাই পানীৰে হাত-ভৰি তথা দেহত ভালদৰে লগাওঁক। দেহৰ লেতেৰা উঠি যাব। ছালখন পৰিষ্কাৰ হ’ব।

Exit mobile version