টুপীয়া-বালিজুৰি সংযুক্ত পথটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ

1 min read

ৰাইজৰ বহুত ডাঙৰ সপোন এটি বাস্তৱত পৰিণত কৰি দেখুৱাব বিধায়ক পদ্মই

জামুগুৰিহাট: চন্দন শৰ্মা: চতিয়া বিধানসভা সমষ্টিৰ এটা জ্বলন্ত আৰু পুৰণি সমস্যাৰ স্থায়ী সমাধানৰ দিশে অগ্ৰসৰ হৈছে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ।

বিধায়ক পদ্মই ৰাজহুৱা ভাৱে ঘোষণা কৰিবলৈ পাই সুখী যে টুপীয়া-বালিজুৰি ৰঙাচকুৱা-মৰিসুতি হৈ সংযোগী ১৪.১৫ কি.মি. দৈৰ্ঘ্যৰ পথটি নাবাৰ্ডৰ অধীনত ৪৫৫৯.৯০ লাখ টকাৰে ৯ মিটাৰ বহল, ৫.৫০ মিটাৰ কেৰিজ ৱে, ডি বি এম-বি চি যুক্ত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনাত বৃহস্পতিবাৰে সমষ্টিটোৰ অন্তৰ্গত ৰঙাচকুৱাত উপস্থিত হয় ।

বিধায়ক পদ্মই কয় যে- ৰাজনৈতিক জীৱনত এই পথটি লৈ বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হ’লো, বিচিত্ৰ অপপ্ৰচাৰো চলিল । সদা ব্যস্ত পথটি সৰু-সুৰাকৈ নিৰ্মাণৰ কথা ভৱা হ’লে কেতিয়াবাই হয়তো নিৰ্মাণ হ’লহেঁতেন ।

কিন্তু সমস্যাটোৰ স্থায়ী সমাধানৰ উদ্দেশ্য সন্মুখত আছিল বাবেই কিছু পলম হ’ল । প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি কাৰিকৰী বিজুতি সমূহ দূৰ কৰাৰ পাছত আজি কওঁ যে গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ বাবে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে ।

পথটিৰ মধ্যস্থান বুলি গণ্য কৰি ৰঙাচকুৱাতেই শুভাৰম্ভ অনুষ্ঠানটি তথা নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক আন্তঃগাঠনি পৰ্যবেক্ষণৰ বাবে দলীয় সতীৰ্থ, জ্যেষ্ঠ নাগৰিক ও স্থানীয় ৰাইজক লগত লৈ আজি ৰঙাচকুৱা ভ্ৰমণ কৰাৰ লগতে সংশ্লিষ্ট স্থান সমূহ পৰ্যবেক্ষণ কৰে বিধায়ক পদ্ম হাজৰিকাই ।

সকলোৰে সহায় সহযোগিতাৰ মাধ্যমৰে এটি উৎকৃষ্ট পথ নিৰ্মাণ হৈ উঠিব বুলি তেওঁ বহু আশাবাদী ।

You May Also Like

More From Author