Site icon Guwahati Times

পাকিস্তানত হোলী উদযাপন কৰি থকাৰ সময়তে হিন্দু ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ, আহত ১৫ জন

দৰিদ্ৰতাই কঙাল কৰা পাকিস্তানত সংখ্যালঘু লোকৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। আকৌ এবাৰ হিন্দুক টাৰ্গেট কৰাৰ বিষয়টো চৰ্চালৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী খেলি থকা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা হয়। এই আক্ৰমণত ১৫ জন শিক্ষাৰ্থী আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে।

এই ঘটনা পঞ্জাৱ বিশ্ববিদ্যালয়ৰ, য’ত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হোলী উদযাপন কৰি আছিল। এজন প্ৰত্যক্ষদৰ্শী কাচিফ ব্ৰহীয়ে এই সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰিছে। কাছিফে কৈছে, ‘ল’ কলেজৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকল সমবেত হোৱাৰ লগে লগে ইছলামী জমিয়ত তুলবা (আইজেটি)ৰ কৰ্মীসকলে তেওঁলোকক হোলী উদযাপনৰ পৰা বলপূৰ্বকভাৱে বাধা দিছিল, যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষৰ ফলত ১৫ জন হিন্দু ছাত্ৰ আহত হয়।

Exit mobile version