কোন হ’ব পানেৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ?

1 min read

কোন হ’ব পানেৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ? চৰ্চাত জিলা কাৰ্যনিৰ্বাহক তথা সমাজ সেৱিকা জোনমনি শইকীয়াৰ নাম |

বিধানসভা নিৰ্বাচনৰ বাবে কিছু দিন বাকী | ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ষীপ্ৰতৰ | পিছে কোন সমষ্টিত কোনে পাব দলীয় টিকত এতিয়াওঁ ঘোষণা হোৱা নাই | ৬৪ নং পানেৰী বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ বহু | পিছে সকলোতকৈ বেছি চৰ্চাত এগৰাকী মহিলাৰ নাম | কোন পিছে সেইগৰাকী মহিলা | তেওঁ আন কোনো নহয়, তেওঁ হৈছে অসমৰ সু-অভিনেত্ৰী,সমাজ সেৱিকা তথা ওদালগুৰি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক জোনমনি শইকীয়া | টংলাৰ নিৱাসী জোনমনি শইকীয়াৰ সমৰ্থনত ওলাই আহিছে মহিলা সমাজকে ধৰি সকলো জনগোষ্ঠীৰ জনসাধাৰণ |

You May Also Like

More From Author