বাঘক গো–মাংসঃ চিৰিয়াখানাৰ বাঘক ব্রিটেনিয়া দিম নেকি বুলি বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ কটাক্ষ

0 min read

অসম ৰাজ্যিক চিৰিয়াখানাত গো–মাংস নিষিদ্ধ কৰাৰ দাবীত কালি হিন্দু সুৰক্ষা সেনাকে ধৰি কেইবাটাও সংগঠনে প্রতিবাদ সাব্যস্ত কৰে৷ চিৰিয়াখানাৰ সন্মুখত কালি পুৱাৰ ভাগত গো–মাংস কঢ়িয়াই অনা বাহন আবদ্ধ কৰি হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে প্রতিবাদ সাব্যস্ত কৰি চিৰিয়াখানাত থকা মাংসভোজী প্রাণীক গো–মাংস খাবলৈ দিয়া নিষিদ্ধ কৰিবলৈ দাবী জনায়৷

এইক্ষেত্রত চিৰিয়াখানা কর্তৃপক্ষই প্রতিক্রিয়া প্রকাশ কৰি কয় যে চিৰিয়াখানাত থকা বাঘ–সিংহকে ধৰি সকলো জীৱ–জন্তুক কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণৰ নির্দেশমর্মে বিজ্ঞানসন্মত খাদ্য যোগান ধৰা হয়৷ তদুপৰি বিভিন্ন সূত্রৰ পৰা অহা খাদ্যসমূহ পশু চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি জন্তুক ভক্ষণ কৰিবলৈ দিয়া হয়৷ চিৰিয়াখানাত থকা মাংসভোজী প্রাণীৰ মাজত বাঘ আৰু সিংহৰ বাবে পূর্বৰে পৰা গো–মাংস যোগান ধৰি অহা হৈছে৷

কিয়নো, বাঘ আৰু সিংহৰ বাবে গো–মাংস স্বাস্থ্যসন্মত বাবেই দীর্ঘদিন ধৰি গো–মাংস খাবলৈ দিয়া হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণে প্রদান কৰা খাদ্যৰ তালিকাতো গো–মাংসক বিশেষভাৱে অগ্রাধিকাৰ দিয়া হৈছে৷

ইপিনে, বনমন্ত্রী পৰিমল শুক্লবৈদ্যই এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমত কয়– বাঘক ব্রিটেনিয়া দিম নেকি? ব্রিটেনিয়া নিশ্চয়কৈ বাঘে ভক্ষণ নকৰে৷ যদি বাঘে ব্রিটেনিয়া ভক্ষণ কৰে, তেন্তে বাঘ মৰি যাব৷ বাঘ–সিংহৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি বিজ্ঞানসন্মতভাৱে গো–মাংস যোগান ধৰা হয়৷’

You May Also Like

More From Author