Site icon Guwahati Times

বাঘক গো–মাংসঃ চিৰিয়াখানাৰ বাঘক ব্রিটেনিয়া দিম নেকি বুলি বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ কটাক্ষ

অসম ৰাজ্যিক চিৰিয়াখানাত গো–মাংস নিষিদ্ধ কৰাৰ দাবীত কালি হিন্দু সুৰক্ষা সেনাকে ধৰি কেইবাটাও সংগঠনে প্রতিবাদ সাব্যস্ত কৰে৷ চিৰিয়াখানাৰ সন্মুখত কালি পুৱাৰ ভাগত গো–মাংস কঢ়িয়াই অনা বাহন আবদ্ধ কৰি হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে প্রতিবাদ সাব্যস্ত কৰি চিৰিয়াখানাত থকা মাংসভোজী প্রাণীক গো–মাংস খাবলৈ দিয়া নিষিদ্ধ কৰিবলৈ দাবী জনায়৷

এইক্ষেত্রত চিৰিয়াখানা কর্তৃপক্ষই প্রতিক্রিয়া প্রকাশ কৰি কয় যে চিৰিয়াখানাত থকা বাঘ–সিংহকে ধৰি সকলো জীৱ–জন্তুক কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণৰ নির্দেশমর্মে বিজ্ঞানসন্মত খাদ্য যোগান ধৰা হয়৷ তদুপৰি বিভিন্ন সূত্রৰ পৰা অহা খাদ্যসমূহ পশু চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি জন্তুক ভক্ষণ কৰিবলৈ দিয়া হয়৷ চিৰিয়াখানাত থকা মাংসভোজী প্রাণীৰ মাজত বাঘ আৰু সিংহৰ বাবে পূর্বৰে পৰা গো–মাংস যোগান ধৰি অহা হৈছে৷

কিয়নো, বাঘ আৰু সিংহৰ বাবে গো–মাংস স্বাস্থ্যসন্মত বাবেই দীর্ঘদিন ধৰি গো–মাংস খাবলৈ দিয়া হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চিৰিয়াখানা প্রাধিকৰণে প্রদান কৰা খাদ্যৰ তালিকাতো গো–মাংসক বিশেষভাৱে অগ্রাধিকাৰ দিয়া হৈছে৷

ইপিনে, বনমন্ত্রী পৰিমল শুক্লবৈদ্যই এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমত কয়– বাঘক ব্রিটেনিয়া দিম নেকি? ব্রিটেনিয়া নিশ্চয়কৈ বাঘে ভক্ষণ নকৰে৷ যদি বাঘে ব্রিটেনিয়া ভক্ষণ কৰে, তেন্তে বাঘ মৰি যাব৷ বাঘ–সিংহৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি বিজ্ঞানসন্মতভাৱে গো–মাংস যোগান ধৰা হয়৷’

Exit mobile version