Site icon Guwahati Times

ভাৰতীয়সকলে কিয় নাগৰিকত্ব ত্যাগ কৰিছে ! কোনখন দেশক ভাৰতীয়ই আটাইতকৈ বেছি ভাল পায়

দিনক দিনে বিদেশত বসবাস কৰা ভাৰতীয় সংখ্যা ক্ৰমাৎ পাইছে বৃদ্ধি ৷ ভাৰতীয় নাগৰিকত্ব এৰি বেছিভাগ লোকে প্ৰথম পচন্দ হিচাপে আমেৰিকালৈ যাব বিচাৰে।
প্ৰতিবৰ্ষত প্ৰায় ৫৫ হাজাৰ লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি গ্ৰহণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব । একেদৰে দৈনিক ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা পাঁচ শতাধিক৷ উল্লেখ্য যে ,এজন ভাৰতীয় লোকে ভাৰতৰ পাছপৰ্টৰ জৰিয়তে ভিচা অবিহনেই পোনপটীয়াকৈ ভ্ৰমণ কৰিব পাৰে বিশ্বৰ ৭১ খন দেশ ৷

আনহাতে আমেৰিকান পাছপৰ্ট ৰ স’তে ভিচা অবিহনেই ১৭৩ খন দেশলৈ ভ্ৰমণ কৰিব পাৰে। এই সুবিধা সমূহৰ প্ৰতি লক্ষ্য ৰাখি বহু প্ৰতিষ্ঠিত ব্যৱসায়ী,বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীয়ে আমেৰিকাক প্ৰথম পচন্দ হিচাপে চিহ্নিত কৰি প্ৰতিবৰ্ষত ঢাপলি মেলিছে যুক্তৰাষ্ট্ৰলৈ ৷

Exit mobile version