Site icon Guwahati Times

দীপিকাৰ গেৰুৱা বিকিনিৰ বাবে নিষিদ্ধ হ’ব পাৰে “Pathaan”

এটা গীতক লৈ এতিয়া বলীউডত তুমুল চৰ্চা। হয় বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ব্যয়বহুল ছবি পাঠানৰ শেহতীয়াকৈ মুক্তি লাভ কৰিছে ‘বেছৰম ৰং’ শীৰ্ষক গীতটো। য’ত গেৰুৱা বিকিনিত অনাবৃত ৰূপত দেখা গৈছে দীপিকাৰ শৰীৰ। যাৰ বাবেই এতিয়া মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ছবি Pathaan।

ছবিখনৰ ‘বেছৰম ৰং’ শীৰ্ষক গীতটিক অশ্লীল আখ্যা দিছে মধ্য প্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰই। গীতটিত দীপিকাৰ সেই বস্ত্ৰ সলনি নকৰিলে ছবিখন মধ্য প্ৰদেশত নিষিদ্ধ কৰাৰো হুংকাৰ দিলে বিজেপি মন্ত্ৰীগৰাকীয়ে। কেৱল সেয়াই নহয় ছচিয়েল মিডিয়াতো ইতিমধ্যে ৰঙক লৈ একাংশ লোকৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Exit mobile version