Site icon Guwahati Times

‘পাঠান‘ উপভোগৰ বাবে সমগ্ৰ চিত্ৰগৃহ বুক কৰিলে শ্বাহৰুখ অনুৰাগীয়ে

বলিউডৰ মহাতাৰকা অভিনেতা সম্প্ৰতি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা চলচ্চিত্র ‘পঠান’ৰ জৰিয়তে সংবাদ শিৰোনামাত আছে।

‘পঠান’ৰ জৰিয়তে শ্বাহৰুখে চাৰি বছৰৰ পাছত চিত্ৰগৃহত আত্মপ্রকাশ কৰিব। ইতিমধ্যে ‘পঠান’ৰ অগ্রিম বুকিং আৰম্ভ হৈছে। শ্বাহৰুখৰ এজন অনুৰাগীয়ে ‘পঠান’ দৰ্শনৰ বাবে এটা চিত্ৰগৃহৰ সকলোবোৰ টিকট অনলাইনযোগে বুক কৰিলে|

শ্বাহৰুখৰ এইজন অনুৰাগীয়ে মুম্বাইত বাস কৰে আৰু তেওঁ মুম্বাইৰ গেইটি গেলেক্সি চিত্ৰগৃহৰ পুৱা ন বজাৰ দৰ্শনীৰ সকলোবোৰ টিকট বুক কৰিলে। এইজন অনুৰাগীয়ে চিত্ৰগৃহটোৰ সকলোবোৰ টিকট শ্বাহৰুখ অনুৰাগীৰ বাবে বুক কৰিলে।

Exit mobile version