মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্যঃ বড়োভূমিত ঘূৰি আহিব শান্তিৰ পৰিৱেশ

0 min read

প্রথমবাৰ আত্মসমর্পণৰ পাছত একাংশ আৰক্ষীয়ে এন এল এফ বিৰ মুৰব্বী এম বাথাক বেয়া ব্যৱহাৰ কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত বাথাসহ এন এল এফ বিৰ কেডাৰসকলক সাক্ষাতৰ পূর্বে সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘অসম আৰক্ষীয়ে কাৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব, সেয়া ৰাজনৈতিক নেতৃত্বই নির্ধাৰণ কৰে৷ এতিয়া মই আৰক্ষী সঞ্চালকপ্রধানক কৈছোঁ যে তেওঁলোকক ঘৰৰ ল’ৰাৰ দৰে ভাল ব্যৱহাৰ কৰি ৰাখিব লাগে৷’

ইপিনে কালি আত্মসমর্পণৰ বিপৰীতে যুদ্ধবিৰতি ঘোষণা কৰিহে তেওঁলোক শান্তি আলোচনালৈ আহিছে বুলি বাথাই প্রকাশ কৰা মন্তব্য সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আত্মসমর্পণ বুলি ক’লে যদি তেওঁলোকৰ মনটো বেয়া লাগে আৰু যুদ্ধবিৰতি বুলি ক’লে মনটো ভাল লাগে, তেনেহ’লে সেইটো শব্দই ব্যৱহাৰ কৰা হ’ব৷ শব্দক লৈ জেদ কৰি লাভ নাই৷ অসমৰ মানুহক শান্তি লাগে৷ এন এল এফ বি মূলসুঁতিলৈ উভতি অহাৰ লগে লগে বড়োভূমিলৈ শান্তি আহিব৷ ইয়াৰ লগে লগে গুৱাহাটীৰ পৰা শ্রীৰামপুৰলৈ কোনোধৰণৰ বিদ্রোহী সংগঠন নাথাকিব৷ নিশা এক বজাতো এই অঞ্চলত নিশ্চিন্ত মনে সকলোৱে চলা–ফিৰা কৰিব পাৰিব৷ সেয়াহে ৰাজ্যবাসীৰ প্রয়োজনীয়৷

উল্লেখ্য যে অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এন এল এফ বিৰ মুৰব্বী এম বাথাৰ নেতৃত্বত অহা কেডাৰসকলে মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্রীগৰাকীয়ে সমাজৰ মূলসুঁতিলৈ কেডাৰসকলক স্বাগতম জনাই কয় যে এন এল এফ বিৰ এই পদক্ষেপে ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাত শক্তিশালী ভূমিকা গ্রহণ কৰিব৷ এন এল এফ বি কেডাৰৰ মূলসুঁতিলৈ প্রত্যাৱর্তনে বড়োলেণ্ডকে ধৰি ৰাজ্যখনক সন্ত্রাসবাদমুক্ত কৰাৰ দিশত এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিব৷ ইয়াৰ দ্বাৰা অসমৰ উন্নয়নৰ ক্ষেত্রত দৃষ্টান্তমূলক পৰিৱর্তন সাধন কৰিব৷ আজিৰ এই বৈঠকত বিটিচিপ্রধান প্রমোদ বড়ো, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং আৰু এল আৰ বিষ্ণই উপস্থিত থাকে৷

You May Also Like

More From Author