Site icon Guwahati Times

প্ৰথমবাৰলৈ কন্যাৰ ফটো ৰাজহুৱা কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই

প্ৰথমবাৰলৈ কন্যাৰ ফটো ৰাজহুৱা কৰিলে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।প্ৰিয়ংকা চোপ্ৰাই লছ এঞ্জেলছত জোনাছ ব্ৰাদাৰ্ছৰ ‘ৱাক অফ ফেম’ তাৰকা উন্মোচন অনুষ্ঠানত কন্যা মালতী মেৰীৰ মুখ প্ৰকাশ কৰে।পৰিয়াল হিচাপে প্ৰিয়ংকা,নিক আৰু তেওঁলোকৰ কন্যা তিনিওজনৰ এইটো প্ৰথম ৰাজহুৱা উপস্থিতি।বৰ্তমান জোনাছ ব্ৰাদাৰ্ছৰ এই অনুষ্ঠানটো প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ কন্যা মালতীৰ মুখ প্ৰকাশৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।

এই অনুষ্ঠানটোত প্ৰিয়ংকাৰ জীয়ৰী মালতি মেৰীক তেওঁৰ কোলাত দেখা গৈছিল। এই বিশেষ অনুষ্ঠানত মালতীৰ সৈতে তেওঁৰ গোটেই পৰিয়াল,অৰ্থাৎ খুৰাক আৰু খুড়ী,সম্পৰ্কীয় ভাই ছফি টাৰ্ণাৰ,ডেনিয়েল জোনাছ আৰু তেওঁৰ ছোৱালীও আছিল।প্ৰিয়ংকাই অনুষ্ঠানটোৰ এখন ফটো আৰু এটা ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল য’ত মালতীৰ মুখখন স্পষ্টভাৱে দেখা গৈছে।

ছবিখন আৰু ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰিয়ংকাই লিখিছিল, ‘‘মোৰ প্ৰেম আপোনাক লৈ গৌৰৱান্বিত! জোনাছ ব্ৰাদাৰ্ছ অভিনন্দন।’’উল্লেখযোগ্য যে,প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ১ আৰু ২ ডিচেম্বৰ,২০১৮ তাৰিখে যোধপুৰৰ উমেদ ভৱন প্ৰাসাদত এক খ্ৰীষ্টান আৰু হিন্দু ৰীতি নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল।যোৱা বছৰৰ আৰম্ভণিতে,দম্পতীহালে তেওঁলোকৰ জীয়েক মালতি মেৰী চোপ্ৰা জোনাছক চাৰোগেচীৰ জৰিয়তে আদৰণি জনাইছিল।

Exit mobile version