গুৱাহাটীৰ বজাৰত মাটিৰ চাকিৰ চাহিদা বৃদ্ধি

1 min read

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্র দুটা দিন বাকী৷ ইতিমধ্যে পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ ৰাজ্যৰ লগতে মহানগৰীতো চলিছে প্রস্তুতি৷বজাৰ ভৰিছে ৰং–বিঙৰৰ আলোকসজ্জা আৰু মাটিৰ চাকিৰে৷ এইবাৰ গুৱাহাটীত আতচবাজী ফুটোৱাৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে থলুৱা চাকি৷ ইতিমধ্যে ৰামপুৰ, বিজয়নগৰৰ একাংশ শিল্পীয়ে প্রস্তুত কৰা মাটিৰ চাকিয়ে দখল কৰিছে গুৱাহাটীৰ বজাৰ৷ বাণিজ্যৰ প্রাণকেন্দ্র স্বৰূপ ফাঁচীবজাৰত কলকাতাৰ ৰং–বিৰঙৰ চাকিক প্রত্যাহ্বান জনাই ৰহিতা কুমাৰী আৰু জয়মতী কুমাৰী নামৰ দুগৰাকী মহিলাই বিক্রীৰ বাবে আনিছে দ’ম দ’ম চাকি৷ ফাঁচীবজাৰৰ পদপথত দোকান আৰম্ভ কৰা এই দুইগৰাকী মহিলাই ইতিমধ্যে বিক্রী কৰিছে বহু মাটিৰ চাকি৷ অর্থাৎ এইবাৰ বজাৰত বৃদ্ধি পাইছে থলুৱা মাটিৰ চাকিৰ চাহিদা৷ উল্লেখ্য যে কলকাতাৰ পৰা আমদানি কৰি অনা ৰং–বিঙৰৰ এযোৰ চাকি ফাঁচীবজাৰত বিক্রী হৈছে ১০ টকাৰ পৰা ১৫ টকা পর্যন্ত, ইয়াৰ বিপৰীতে ৰামপুৰ, বিজয়নগৰত চাকি শতকৰা হিচাপত বিক্রী হৈছে ১২০ টকাৰ পৰা ১৫০ টকাত৷ মুঠতে আতচবাজীত আৰোপ কৰা নিষেধাজ্ঞাৰ পিছতে বজাৰত বৃদ্ধি পাইছে থলুৱা মাটিৰ চাকিৰ আদৰ৷

Source: Niyomiya Barta

You May Also Like

More From Author