BTR প্ৰধান প্ৰমোদ বড়ো ৰাইজৰ আশা

1 min read

বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জনতাৰ মৰ্মবেদনা বুজি সমস্যা সমূহ সমাধানৰ বাবে বিটিআৰৰ ই মূৰৰ পৰা সি মূৰলৈ দিনে নিশাই পৰিদৰ্শন কৰিছে৷
প্ৰমোদ বড়োই ৰাইজৰ ওচৰত গৈ দৰিদ্ৰ লোকক লগ কৰি সমস্যা সমাধানৰ হেতু কাম কৰাৰ উপৰি ৰাজহুৱা অনুষ্ঠান মঠ -মন্দিৰ, গীৰ্জা লগতে বিদ্যালয়- মহাবিদ্যালয় সমুহ পৰিদৰ্শন কৰিছে৷কেতিয়াবা যদি বাক্সা চিৰাং আৰু কেতিয়াবা ওদালগুৰি কোকৰাঝাৰ পৰিদৰ্শন কৰি ৰাইজৰ লগত বহি কাম কৰিবলৈ লৈছে ৰাইজৰ নেতা জনে৷

 

সমান্তৰালভাৱে কাৰ্যলয়ত বহি চৰকাৰী দায়িত্ব সমূহকো নিয়াৰকৈ পালন কৰি সূচাৰু ৰূপে কাম কৰি গৈছে প্ৰমোদ বড়োই৷

প্ৰমোদ বড়োৰ এনে সহজ সৰল মনোভাবেৰে কাম কৰাত সন্তুষ্ট হৈছে BTR বাসী৷ৰাইজৰ আস্থাভাজন হৈ পৰিছে প্ৰমোদ বড়ো৷

প্ৰমোদ বড়োৰ এনে কৰ্মদক্ষতাত ক্ৰমাৎ যে বিৰোধী শূন্য হবলৈ গৈ আছে সমগ্ৰ BTR .৷

ৰাইজৰ লগত থাকি কাম কৰি যোৱাৰ যি মানসিকতা সেয়া প্ৰমোদ বড়োৰ দায়িত্বত স্পষ্টকৈ প্ৰকাশ হৈ পৰিছে৷
NLFB ৰ মূলসুতিলৈ আগমনক ভূয়সী প্ৰসংশা কৰে BTR প্ৰধান জনে৷লগতে কাৰাৰুদ্ধ NDFB মুৰব্বী ৰঞ্জন দৈমাৰীৰ আৰু আন আন কেডাৰ সকলৰো মুক্তিৰ বাবে কাম কৰি থকাৰ কথাও প্ৰকাশ কৰে প্ৰমোদ বড়োই৷

 

You May Also Like

More From Author