অসমত প্রথমবাৰৰ বাবে ১০০ টকা স্পর্শ ইন্ধনৰ মূল্যঃ হাইলাকান্দিত পেট্র’লৰ দামে অতিক্রম কৰিলে শতকৰ ঘৰ

0 min read

 ক’ৰোনা মহামাৰী প্রতিৰোধৰ বাবে বলৱৎ লকডাউনৰ ফলত লক্ষজনৰ জীৱিকালৈ নামি আহিছে ঘোৰ সংকট৷ তাৰ মাজতে ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সর্বসাধাৰণৰ জীৱন দুর্বিষহ কৰি তুলিছে৷ এনে সংকটাপন্ন সময়তো কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহ নামি পৰিছে কৰ সংগ্রহৰ অঘোষিত প্রতিযেগিতাত৷ ফলত এটা মাহৰ ভিতৰতে পেট্র’ল–ডিজেলৰ মূল্য দেশৰ লগতে অসমত ১৮বাৰ পর্যন্ত বৃদ্ধি পাইছে৷

শনিবাৰে অসমৰ হাইলাকান্দি জিলাত প্রথমবাৰৰ বাবে পেট্র’লৰ দামে শতকৰ ঘৰ অতিক্রম কৰিছে৷ জিলাখনত শনিবাৰৰ দিনটোত পেট্র’লৰ দাম হ’ল প্রতিলিটাৰত ১০০.১৮ টকা৷ আন জিলাসমূহতো প্রতিদিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য৷ শনিবাৰে অসমৰ বিভিন্ন জিলাত প্রতিলিটাৰ পেট্র’ল–ডিজেলৰ দাম এনেধৰণৰ– ডিব্রুগড়ত পেট্র’ল ৯৫.৭৫ টকা, ডিজেল ৮৯.২৬ টকা তিনিচুকীয়াত পেট্র’ল ৯৫.১৫ টকা, ডিজেল ৮৮.৭০ টকা ধেমাজিত পেট্র’ল ৯৭.৭২ টকা, ডিজেল ৯১.৯১ টকা লখিমপুৰত পেট্র’ল ৯৭.০৪ টকা, ডিজেল ৯০.৪৭ টকা বিশ্বনাথত পেট্র’ল ৯৫.৫১ টকা, ডিজেল ৮৯.০৫ টকা তেজপুৰত পেট্র’ল ৯৫.২৭ টকা, ডিজেল ৮৮.৮৩ টকা নগাঁৱত পেট্র’ল ৯৬.২৭ টকা, ডিজেল ৮৯.৭৭ টকা শিৱসাগৰত পেট্র’ল ৯৬ টকা, ডিজেল ৮৯.৪৯ টকা যোৰহাটত পেট্র’ল ৯৫.৩৩ টকা, ডিজেল ৯২.৩২ টকা৷

গুৱাহাটীত শনিবাৰৰ দিনটোত পেট্র’লৰ দাম হ’ল ৯৪.৯৮ টকা৷ অর্থাৎ হাইলাকান্দিৰ পিছত অসমৰ আন আন জিলাতো শীঘ্রে পেট্র’লৰ দামে শতকৰ ঘৰ স্পর্শ কৰিব৷ আশ্চর্যজনক কথাটো হ’ল ইন্ধনৰ দামে সর্বসাধাৰণৰ দৈনন্দিন জীৱন জুৰুলা কৰাৰ পিছতো ইন্ধনৰ ওপৰত আৰোপিত কৰ হ্রাসৰ নাম লোৱা নাই কেন্দ্র–ৰাজ্য চৰকাৰে৷ বৰং সর্বকালৰ অভিলেখ ভংগকাৰী কৰ আৰোপ কৰা হৈছে পেট্র’ল–ডিজেলৰ ওপৰত৷ কেন্দ্রীয় চৰকাৰে প্রতিলিটাৰ পেট্র’লত ৩২.৯০ টকা আৰু প্রতিলিটাৰ ডিজেলত ৩১.৮০ টকাৰ আবকাৰী কৰ আৰোপ কৰিছে৷ মার্চ ২০২০ৰ পৰা ২০২১ চনৰ মে’ মাহ পর্যন্ত প্রতিলিটাৰ পেট্র’লত ১৩ টকা আৰু প্রতিলিটাৰ ডিজেলত ১৬ টকা আবকাৰী কৰ বৃদ্ধি পাইছে৷ ফলত ভাৰতৰ প্রতিখন ৰাজ্যত পেট্র’ল–ডিজেলৰ দাম আকাশলংঘী হৈ পৰিছে৷ ভূতৰ ওপৰত দানহ পৰাৰ দৰে আবকাৰী কৰৰ উপৰি ৰাজ্য চৰকাৰেও ইন্ধনৰ ওপৰত আৰোপ কৰিছে উচ্চ হাৰৰ মূল্য সংযোজিত কৰ৷ অর্থাৎ ভেট৷ অসমত গ্রাহকে পেট্র’লত ৩২.৬৬ শতাংশ আৰু ডিজেলত ২২.৬৩ শতাংশ ভেট আদায় দিব লাগে৷ ইয়াৰ লগত আকৌ ডীলাৰৰ কমিছনো যোগ হয়৷ অসমত ডীলাৰৰ কমিছন হৈছে ১.৭৫ শতাংশ৷ অর্থাৎ কৰৰ বোজাই সমগ্র দেশৰ লগতে অসমতো গ্রাহকক মাধমাৰ শোধাইছে৷ মূলতঃ কেন্দ্রৰ আবকাৰী কৰ আৰু ৰাজ্য চৰকাৰৰ মূল্য আৰোপিত কৰৰ বাবে ইন্ধনৰ দাম খাৰুৱা তেলৰ তুলনাত তিনিগুণ অধিক বৃদ্ধি পাইছে৷

You May Also Like

More From Author