ছয়মাইলত পাইপ ফুটি খোৱাপানী অপচয়

0 min read

যি সময়ত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে জি এম চি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ বাবে শ শ লিটাৰ পানী অপচয় হৈছে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ ফুটি ৰাজপথ কদর্য কৰাৰ লগতে শ শ লিটাৰ বিশুদ্ধ খোৱাপানী অপচয় হোৱাৰ পিছতো বিভাগীয় কর্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱা নাই৷

বিশেষকৈ মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ সমীপত পথৰ দাঁতিত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ ফুটি যোৱা প্রায় ডেৰ বছৰ ধৰি শ শ লিটাৰ পানী অপচয় হোৱা পৰিলক্ষিত হৈছে৷

একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে, দিনে–নিশাই ফুটা পাইপেৰে পানী ওলাই ৰাজপথ কদর্য কৰিছে৷ ছয়মাইল উৰণীয়া সেতুৰ তলৰ একাংশ ব্যৱসায়ীয়ে ফুটা পাইপৰ পানী সংগ্রহ কৰি পান কৰাৰ লগতে অন্যান্য কামত ব্যৱহাৰ কৰি আহিছে৷ অৱশ্যে ফুটা পানীৰ পাইপ যাতে বিভাগীয় কর্তৃপক্ষৰ দৃষ্টিগোচৰ নহয়, তাৰ বাবে একাংশ অসাধু লোকে ফুটা পাইপডাল ইটা আৰু পেপাৰেৰে ঢাকি ৰাখিছে৷ এইক্ষেত্রত স্থানীয় লোকে বিভাগীয় কর্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ পিছতো বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷

ইপিনে, ছয়মাইল উৰণীয়া সেতুৰ তলৰ মাছৰ বজাৰৰ লেতেৰা পানী ওলাই যোৱাৰ সু–ব্যৱস্থা নথকাৰ বাবে ব্যৱসায়ীসকলে বাচনেৰে সিঁচি ৰাজপথত পেলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷

You May Also Like

More From Author