কিশোৰীক বিয়াৰ প্রলোভনেৰে শাৰীৰিক সম্পর্ক; লম্পট যুৱকক জে’ললৈ

0 min read

বিয়াৰ প্রলোভন দি দীর্ঘদিনীয়া প্রেমৰ সম্পর্ক কৰি প্রৱঞ্চনা কৰা লম্পট যুৱক এজনক আজি ৰঙাঘৰলৈ প্রেৰণ কৰে পানীখাইতী আৰক্ষীয়ে৷ ৰঙাঘৰৰ আলহী হোৱা যুৱকজন ৰাজা দেৱ (২৬) বুলি জানিব পৰা গৈছে৷

ঘটনাৰ বিৱৰণী অনুসৰি, পানীখাইতীৰ ধৃত যুৱকজনে বিগত কেইবাবছৰ ধৰি এগৰাকী কিশোৰীক বিয়াৰ প্রলোভন দি শাৰীৰিক সম্পর্ক ৰক্ষা কৰি আহিছিল৷ শেহতীয়াকৈ যুৱকজনে কিশোৰীগৰাকীক বিয়া কৰাবলৈ অমান্তি হয়৷ ইয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে পানীখাইতী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/২৯৪/৫০৬ ধাৰাৰ পছক’ আইনৰ অধীনত ক্রমে ১১২ আৰু ৪ নম্বৰত গোচৰ ৰুজু কৰি লম্পট ৰাজা দেৱক জে’ললৈ প্রেৰণ কৰে৷

You May Also Like

More From Author