Site icon Guwahati Times

ঘৰত কপৌৰ আগমনে কি ইংগিত দিয়ে !

সঁচাকৈয়ে জীৱ-জন্তু আৰু চৰাইক খুৱা অতি ভাগ্যৱান। যদি দৈনিক কোনো প্ৰাণীক খুৱাব পাৰে। বাস্তু বিশেষজ্ঞসকলে, কয় ইয়াৰ দ্বাৰা আপোনাৰ জীৱন সলনি হ’ব পাৰে। অৱশ্যে কপৌক একেবাৰে ঘৰত ৰাখিব নালাগে, বিশেষজ্ঞসকলেও কয় যে যদি আপুনি ঘৰৰ বাহিৰত কপৌক খুৱাব পাৰে, তেন্তে আপুনি আপোনাৰ জীৱনত বহুখিনি সাফল্য লাভ কৰিব পাৰে। আৰু ইয়াৰ বাবে আপোনাৰ জীৱনত উঠি অহাৰ পথ বহল হ’ব বুলি বিশেষজ্ঞসকলে কয়।

কিন্তু কপৌ চৰাইৰ মলৰ পৰা নিজকে আঁতৰাই ৰখাটো নিশ্চিত। আপোনাৰ ঘৰত কপৌৰ বাহ সজা আপোনাৰ বাবে একেবাৰেই ভাল নহয়। দূৰৰ খালী ঠাইত কপৌক খুৱাব পাৰি, ই আপোনাৰ মাজত এক অদ্ভুত পৰিৱৰ্তন আনিব, আপোনাৰ মনটো ভাল হ’ব আৰু যদি আপোনাৰ মনটো ভাল হয় তেন্তে আপোনাৰ শৰীৰটোও ভাল হ’ব আৰু আপোনাৰ ঘৰত ধনাত্মক শক্তি আহিব। কিন্তু ঘৰত কেতিয়াও কপৌক বাহ সজাবলৈ নিদিব, আপোনাৰ বাবে একেবাৰেই ভাল নহ’ব। কপৌ চৰাইয়ে বহুত মলি তৈয়াৰ কৰে, আৰু সেই মলিৰ পৰা ঋণাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে, যিটো কেতিয়াও হ’ব নালাগে।

কিন্তু কেৱল কপৌকে নহয় কাউৰীকো খুৱাব পাৰি। ইয়াৰ উপৰিও বাস্তু বিশেষজ্ঞসকলে কয় যে যদি আপুনি প্ৰতিদিনে কুকুৰক খুৱাব পাৰে বা গৰু এটাক খুৱাব পাৰে, অৰ্থাৎ যিকোনো প্ৰাণীক খুৱাই দিয়াটো আপোনাৰ বাবে বহুত ভাল। গতিকে ৰাতিপুৱা সাৰ পাই পলম নকৰাকৈ যিকোনো প্ৰাণীক খুৱাব পাৰিব। জীৱনৰ উন্নতি হ’ব।

Exit mobile version