Site icon Guwahati Times

নেহেৰু ষ্টেডিয়ামৰ নাম সলনি কৰাৰ কথা কিয় ক’লে পীযুষ হাজৰিকাই ?

 প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে সংবাদ মাধ্যমত আগত কৈছিল যে, লাভলীনা বৰগোহাঁইৰ লগত মন্ত্ৰীৰ ফটো থকা বেনাৰবোৰ চৰকাৰে আঁতৰাই পেলাব লাগে, নহ’লে কংগ্ৰেছ দলে সেই বেনাৰসমূহ নিজা উদ্যোগত আঁতৰাই পেলাব ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, মুখ্যমন্ত্ৰীয়ে চাৰি দিনৰ পূৰ্বেই এই বিষয়ত স্পষ্ট নিৰ্দেশনা দি থৈছে আৰু সেয়া ক্ৰীড়া বিভাগে কাৰ্যকৰী কৰিব । কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে আইন হাতত তুলি কংগ্ৰেছৰ সদস্যসকলে চৰকাৰী বেনাৰ-হ’ৰ্ডিং আঁতৰাই পেলোৱাৰ কথা কোৱাটোত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কংগ্ৰেছৰ সদস্যসকলে আইন হাতত তুলি ল’ব নোৱাৰে ।

মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কয়, যদি খেলুৱৈৰ লগত ৰাজনীতিবিদৰ ফটো থাকিব নালাগে তেন্তে খেলৰ অনুষ্ঠানসমূহৰ লগতো ৰাজনীতিবিদৰ নাম জড়িত হ’ব নালাগে । অসমৰ নেহৰু ষ্টেডিয়ামকে ধৰি ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ নামত বহুতো ষ্টেডিয়াম তথা খেলৰ অনুষ্ঠান আছে ।

খেলুৱৈৰ লগত যদি ৰাজনীতিবিদৰ ফটো লগোৱাটো তেওঁলোকে ভাল পোৱা নাই, মানা কৰিছে আৰু আইন হাতত তুলি ল’ম বুলি কৈছে, তেন্তে ‘উপদেশতকৈ আৰ্হি ভাল’ কথাষাৰ সৰোগত কৰি তেওঁলোকে এটা সিদ্ধান্ত লওঁক যাতে নেহৰু ষ্টেডিয়ামৰ নামটো অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ তথা প্ৰথিতযশা খেলুৱৈৰ নামত উচৰ্গিত হওক । যিসমূহ অনুষ্ঠান ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীকে ধৰি মূলতঃ এটা পৰিয়ালৰ ব্যক্তিসকলৰ নামত আছে, সেই সমূহ নাম আঁতৰাই দিবলৈ কংগ্ৰেছ দলে সিদ্ধান্ত লৈ চৰকাৰক অনুৰোধ জনাব লাগে । এইদৰে ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে পীযুষ হাজৰিকাই ৷

Exit mobile version