Site icon Guwahati Times

তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুস হাজৰিকা

জামুগুৰিহাট: চন্দন শৰ্মাৰ: শোণিতপুৰ জিলা প্ৰশাসন আৰু ৰাজ্যচৰকাৰৰ সংশ্লিষ্ট বিভাগ সমুহৰ মাজত সমন্বয় নোহোৱাৰ বাবে তেজপুৰত কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত এটাৰ পিছত আনটো অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুস হাজৰিকাই ৷

আজি তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈয়েই খং উঠিল মন্ত্ৰীজনৰ ৷ বিশ্ববিদ্যালয়ৰ জৰ্নেল কক্ষত বহিঃৰাজ্যৰ পৰা আহি উপস্থিত হোৱা একাংশ লোকে কোনো সামাজিক ব্যৱধান নোহোৱাকৈ হেচা ঠেলা কৰি থকা দেখি খং উঠিল মন্ত্ৰীজনৰ ৷ জিলা প্ৰশাসনৰ একাংশ বিষয়া আৰু আৰক্ষী ইয়াত কৰ্তব্যত থকাৰ পিছতো এনে অনাহুত পৰিবেশ সৃষ্টি হোৱাত লোকসকলৰ লগতে দায়িত্বত থকা প্ৰশাসনৰ লোক সকলকো ধমক দিলে মন্ত্ৰীজনে । তাৰ পিছত কোৱাৰেন্টাইন কেন্দ্ৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ বিষয়া সকলক মাৰাথন জেৰা মন্ত্ৰী পীয়ুসৰ ৷

যোৱা দুই তিনিদিন ধৰি প্ৰশাসন আৰু একাংশ বিভাগৰ মাজত সমন্বয়হীনতাৰ বাবেই বহু কেইটা বিক্ষিপ্ত ঘটনা হোৱা বুলি স্বীকাৰ কৰিলে মন্ত্ৰীজনে । আনহাতে স্বাৱ সংগ্ৰহৰ ক্ষেত্ৰতো কিছু সমস্যা সৃষ্টি হৈছে ৷ একাংশ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে সেই দায়িত্বত হেমাহি কৰাত কাইলৈৰ পৰা এই দায়িত্বত আৰু অধিক লোক নিয়োজিত কৰা হব বুলিও পিয়ুস হাজৰিকাই উল্লেখ কৰে ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়তো অধিক কভিড ৰোগী ৰাখিব পৰাৰ ব্যৱস্থা কৰা হব বুলি তেওঁ উল্লেখ কৰাৰ লগতে বহিঃৰাজ্যৰ পৰা বাচৰে লোক সকলক যাতে পান জপা দি নানে তাৰ বাবে দৃষ্টি দিবলৈ পৰিবহন বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰীজনে ৷

ইফালে, জিলাখনৰ একাংশ অতিৰিক্ত উপায়ুক্তই অন্যান্য কৰ্মচাৰীৰ সৈতে সুসম্পৰ্ক ৰক্ষা নকৰা বিষয়টোও আলোচনা কৰে মন্ত্ৰীজনে ৷

Exit mobile version