Guwahati Times

লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্ৰহণ কৰা ডিব্ৰুগড়ৰ পিংকী কৰ্মকাৰলৈ ৰাজ্যচৰকাৰৰ নিযুক্তি পত্ৰ

লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড়ত পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰ নিযুক্তি প্ৰত্র।

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস দিনাই ৰাজ্যিক মন্ত্ৰী সঞ্জয় কৃষাণে প্ৰদান কৰিলে নিযুক্তি প্রত্ৰ। ২০১২ বৰ্ষত লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিছা পিংকী কৰ্মকাৰ বৰ্তমানৰ জীৱন সংগ্ৰাম তথা জীৱন শৈলীৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
উল্লেখ্য যে লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা পিংকী কৰ্মকাৰ বৰবৰুৱা চাহ বাগিছাত শ্ৰমিক হিচাপে কৰ্মৰত কাহিনী লৈ অহা হৈছিল  সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে মাজলৈ। আৰু তাৰ পাছতে ৰাজ্যৰ সচেতন মহলৰ মাজত খলকনিৰ সৃষ্টি হৈছিল ।

শেহতীয়াকৈ পিংকী কৰ্মকাৰকে সাক্ষাৎ কৰিছিল  মুখ্য মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক। মুখ্য মন্ত্ৰী জনে পিংকী কৰ্মকাৰক আশ্বাস প্ৰদান কৰিছিল পিংকী কৰ্মকাৰক চৰকাৰী এটা চাকৰিত নিযুক্ত প্ৰদান কৰাৰ।

দেওবাৰে দেশৰ ৭৫ সংখ্যাক স্বাধীনতা দিবস দিনা ডিব্ৰুগড় বৰবৰুৱাত মন্ত্ৰী সঞ্জয় কৃষান উপস্থিত হৈ পিংকী কৰ্মকাৰক প্ৰদান কৰে নিযুক্ত প্ৰত্ৰ।
ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগত নিযুক্তি প্ৰদান কৰাত উৎফুল্লিত পিংকী আৰু মুখ্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

Exit mobile version