পিকে দত্তৰ সোঁহাত জয়দীপৰ ভাৰাঘৰত ওলাল ২৪.৮৮ লাখ টকা

0 min read

অসম আৰক্ষীৰ কুখ্যাত অৱসৰপ্রাপ্ত মহাপৰিদর্শক পি কে দত্তৰ এজন ঘনিষ্ঠৰ ঘৰত বুধবাৰে চি আই ডিৰ এটা দলে অভিযান চলাই ২৪,৮৮,৩০০ টকা উদ্ধাৰ কৰে৷ এছ আই পদৰ নিযুক্তি কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পি কে দত্তৰ ব্যক্তিগত সহায়ক জয়দীপ বৰুৱাৰ মহানগৰীৰ চানমাৰিৰ নৱগিৰি পথত থকা ভাৰাঘৰত আজি নিশাৰ ভাগত চি আই ডিৰ দলটোৱে অভিযান চলাই আলমাৰিৰ পৰা এই ধনখিনি উদ্ধাৰ কৰে৷ চি আই ডিৰ দলটোৱে জয়দীপ বৰুৱাক লগত লৈ টকা হিচাপ কৰা যন্ত্র লৈ জয়দীপ বৰুৱাৰ ঘৰত অভিযান চলাইছিল৷ আৰক্ষী সূত্রে জানিব পৰা মতে, এই ধনখিনি দুর্নীতিৰ সদাগৰ পি কে দত্তই কেইবাজনো এছ আই পদৰ চাকৰি প্রার্থীৰ পৰা সংগ্রহ কৰিছিল আৰু ধনখিনি জয়দীপক লুকুৱাই থ’বলৈ দিছিল৷ ধনখিনি উদ্ধাৰ কৰাৰ সমস্ত প্রক্রিয়াটো চি আই ডিয়ে ভিডি’গ্রাফী কৰে৷ উল্লেখ্য যে এছ আই নিযুক্তি কেলেংকাৰিৰ গোচৰত কিছুদিন পূর্বে গ্রেপ্তাৰ হোৱা পি কে দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত অলপতে তিনিচুকীয়াৰ পৰা জয়দীপক গ্রেপ্তাৰ কৰিছিল৷ এছ আই পদৰ চাকৰি প্রার্থীৰ পৰা সংগ্রহ কৰি দালাল চক্রই লুকুৱাই থোৱা বৰপেটা, বঙাইগাঁও আদিৰ পৰা ৫ কোটিতকৈ অধিক টকা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল৷ ইয়াৰ পাছতে আজি পুনৰ চি আই ডিয়ে মহানগৰীৰ চানমাৰিৰ নৱগিৰি পথৰ এটা ভাৰাঘৰত উক্ত কেলেংকাৰিত জড়িত লোকৰ পৰা ২৪ লক্ষাধিক টকা উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷

You May Also Like

More From Author