এটা অবিশ্বাস্য ভিডিঅ’! য’ত দেখা গৈছে গছ-গছনিবোৰে বাস্তৱ সময়ত “শ্বাস-প্ৰশ্বাস” লোৱা। আৰ্থস্কাইৰ মতে, ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ছান ডিয়েগোৰ জীৱবিজ্ঞানীসকলে তেওঁলোকৰ এটা গৱেষণা প্ৰকল্পৰ সময়ত এই ক্ল’জ আপ ক্লিপটো কেমেৰাত বন্দী কৰিছে। গৱেষকসকলে আৱিষ্কাৰ কৰে যে উদ্ভিদে কেনেকৈ নিজৰ ষ্টোমেটা – প্ৰায় সকলো উদ্ভিদত পোৱা ক্ষুদ্ৰ খোলাবোৰ – ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী বায়ুৰ সৈতে বিনিময় কৰে। এই গৱেষণাৰ বাবে নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনে এই ভিডিঅ’টো মুকলি কৰিছে।
মুখ্য গৱেষক জুলিয়ান শ্ৰ’ডাৰৱে কয় যে, “গৱেষকসকলে আশা কৰিছে যে এই ব্যৱস্থাটোক ব্যৱহাৰ কৰিলে ভৱিষ্যতে উদ্ভিদৰ পানী ব্যৱহাৰৰ কাৰ্যক্ষমতা আৰু কাৰ্বন গ্ৰহণৰ অভিযান্ত্ৰিকীকৰণৰ সূচনা হ’ব পাৰে। বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি পাই থকাৰ বাবে ই জটিল।”
মন কৰিবলগীয়া যে জলবায়ু পৰিৱৰ্তনৰ বাবে বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব আৰু উষ্ণতা বৃদ্ধি পোৱাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ প্ৰৱেশ আৰু ষ্টোমেটাৰ জৰিয়তে জলীয় বাষ্পৰ ক্ষয়ৰ মাজৰ ভাৰসাম্যত প্ৰভাৱ পৰাটো বিবেচনা কৰিলে এই আৱিষ্কাৰটো তাৎপৰ্যপূৰ্ণ।
লগতে যদি গছ-গছনি বিশেষকৈ ঘেঁহু, ধান আৰু কুঁহিয়াৰৰ দৰে শস্যই নতুন ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে তেন্তে শুকাই যোৱাৰ আশংকা থাকে। যাৰ জৰিয়তে ষ্ট’মেটা মুকলি কৰা হয় যাতে উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ আৰু পানী হেৰুৱাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিব পাৰে।
Watch the video:

