প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশ্বৰ দীৰ্ঘতম সুৰংগ পথ

1 min read
গুৱাহাটী: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশত ‘অটল সুৰংগ’ মুকলি কৰি কয় -“অটল সুৰংগ কেন্দ্ৰীয় চৰকাৰৰ দেশৰ প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন কৰাৰ যি প্ৰতিশ্ৰুতি তাৰ এক অংশ । ইয়াৰ আগতে দেশৰ বিভিন্ন অঞ্চলত ৰাজনৈতিক ক্ষেত্ৰত সুবিধা আদায় কৰিব নোৱাৰাৰ বাবে গুৰুত্ব দিয়া হোৱা নাছিল ।”
উল্লেখ্য যে অটল সুৰংগ হল ৯ কিঃমিঃ দূৰত্বৰ এটা সুৰংগ পথ যিয়ে মনালিৰ সৈতে লাহোৱাল, স্পীতি ভেলিৰ ৰোহতাঙৰ সৈতে সংযোগ কৰাব । এই সুৰংগ পথ হৈছে বিশ্বৰ সৰ্বাধিক দূৰত্বৰ সুৰংগ পথ । ইয়াৰ আগতে এই অঞ্চল প্ৰতি বছৰে ৬মাহৰ গাঢ় বৰফৰ বাবে অন্য অঞ্চলৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থাকিব লাগিছিল । এই সুৰংগৰ ফলত এই অঞ্চলৰ মাজত দূৰত্ব প্ৰায় ৪৬কিঃমিঃ কমি যোৱাৰ লগতে যাত্ৰাৰ সময় প্ৰায় ৪ৰ পৰা ৫ঘণ্টালৈ হ্ৰাস হয় ।

লাহোৱাল ভেলি’ৰ চিচু’ৰ এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় – “অটল সুৰংগ মুকলি কৰাৰ লগতে আজি লাহোৱাল আৰু পাংগি’ৰ জনসাধাৰণৰ বাবে এক নতুন পুৱা আহিছে । এই ৯ কিঃমিঃ সুৰংগৰ বাবে এনে অঞ্চলৰ মাজত দূৰত্ব বহু হ্ৰাস পাব । এই অঞ্চলৰ বহু ব্যক্তিয়ে এনে এটা দিন আহিব বুলি ভবা নাছিল । বহু ব্যক্তিয়ে কল্পনাই কৰিব নোৱাৰে শীতৰ দিনত এই অঞ্চলৰ ৰোগী সকলে কিমান দুৰ্ভোগ ভুগিব লগা হয় । এই সুৰংগই খেতিয়ক, উদ্যানকৃষি, পশু পালক , শিক্ষাৰ্থী আৰু ব্যৱসায়ী সকলক সহায় কৰিব ।”
নিজৰ অভিজ্ঞতাৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয়- “বছৰ আগতে যেতিয়া মই এই অঞ্চললৈ আহিছিলোঁ তেতিয়া ৰোহতাঙলৈ এক দীঘলীয়া যাত্ৰা কৰিব লগা হৈছিল । যেতিয়া এই পথ শীতৰ দিনত বন্ধ হৈছিল তেতিয়া ঔষধ, কৰ্মসংস্থান, শিক্ষা সকলো বন্ধ হৈ পৰিছিল । ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী এই সকলোবোৰ কথা জানিছিল বাবে এনে এক উদ্যোগ তেওঁ হাতত লৈছিল । মোৰ মনত আছে যেতিয়া এই সুৰংগ নিৰ্মাণৰ ঘোষণা কৰা হৈছিল তেতিয়া এই অঞ্চলৰ জনসাধাৰণৰ মাজত কেনে এক উৎসৱমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।”
প্ৰধানমন্ত্ৰী এই অঞ্চলত থকা পৰ্যটন, ঔষধি গুণ সম্পন্ন গছ আদিৰ জৰিয়তে সৃষ্টি হব পৰা কৰ্মসংস্থাপনৰ কথাও উল্লেখ কৰে ।

You May Also Like

More From Author