Site icon Guwahati Times

প্রধানমন্ত্রী মুদ্রা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী মুদ্রা যোজনাই আজি ৮ বছৰ সম্পূৰ্ণ কৰিলে। কৰ্পৰেট খণ্ডৰ বাহিৰৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগীসকলক বিভিন্ন উদ্যমৰ বাবে ১০ লাখ টকা পর্যন্ত ঋণ প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুদ্ৰা যোজনাৰ শুভাৰম্ভ কৰিছিল। যোজনাখনৰ অষ্টম বর্ষপূর্তি উপলক্ষে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয় যে, যোজনাখনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ৪০ কোটি ৮২লাখ একাউণ্টৰ জৰিয়তে প্রায় ২৩ লাখ কোটিৰো অধিক টকাৰ ঋণ প্ৰদান কৰা হৈছে। যোজনাখনৰ প্ৰায় ৬৮ শতাংশ একাউণ্ট মহিলা উদ্যমীসকলৰ। এই যোজনাই ক্ষুদ্র উদ্যোগীসকলৰ সহজ ঋণ প্ৰদানৰ লগতে বহুতো যুৱ উদ্যোগীক নতুন উদ্যোগ স্থাপনৰ বাবে সহায় কৰিছে। তেওঁ কয় যে মুদ্ৰা যোজনাই তৃণমূল পর্যায়ত বৃহৎ পৰিসৰত নিয়োগ সৃষ্টিৰ সুবিধা প্ৰদান কৰাৰ লগতে ভাৰতীয় অর্থনীতিৰ পট পৰিৱৰ্তনত বিশেষ ভূমিকা পালন কৰিছে।

Exit mobile version