Site icon Guwahati Times

সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ হিমন্ত ৰজা হৈছে : ভূপেন বৰা

গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । গুৱাহাটীৰ ৰাজীৱ ভৱনত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে ক’লে ভূপেন বৰাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, এইখন ৰাইজৰ চৰকাৰ নহয় । এইখন বিজেপিৰ নেতা আৰু কৰ্মীৰ চৰকাৰ । হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পাতিছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, অসমৰ মানুহে সৰ্বানন্দ সোণোৱালকহে মুখ্যমন্ত্ৰী পাতিব বিচাৰিছিল । ঔৰংজেৱে যিদৰে ছাহজাহানক বান্ধি থৈ ৰজা হৈছিল, কংসই যিদৰে উগ্ৰসেনক বান্ধি থৈ ৰজা হৈছিলে ঠিক সেইদৰে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ ৰজা হৈছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

ভূপেন বৰাই লগতে কয় যে, বৰ্তমান সময়ত গণতন্ত্ৰ তথা সংবিধানৰ প্ৰতি ভাবুকি আহিছে । ইয়াক সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব । উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এটা কবিতা লিখি উলিয়াইছে যিটো কবিতাই বিশেষ চৰ্চা লাভ কৰিছে । মই ‘ফায়াৰ ব্ৰিগেড’ শীৰ্ষক ভূপেন বৰাৰ কবিতাটো হৈছে –

বজাৰত জ্বলিছে জুই,

চৰকাৰ আছে শুই ৷

নিবনুৱাৰ বুকুতো জ্বলিছে জুই,

বুলেট খাই কীৰ্তিকমল আছে শুই ৷

দুখীয়াৰ পেটতো জ্বলিছে জুই,

শুদা চাউল এমুঠি খাই আমিও আছোঁ শুই ৷

পুলিচ পিটিকা হ’ব অপৰাধী ধৰিলে,

সংবাদ সোপা দিব ৰাজমাতাৰ খবৰ ছপালে৷

মিজো সীমান্ততো জ্বলি আছে জুই,

দেখিছিলোঁ তাত চকুৰ পানীৰ নৈ ৷

জাতি-মাটি-ভেটি এৰি দিব গৈ,

মেঘালয়ে আদৰিব বৰপীৰা লৈ ৷

গণতন্ত্ৰ তোমাৰ মন্ত্ৰ, ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ব

আজিৰ অসমত সকলো লাঞ্ছত-বঞ্চিত ৷

ছেম, দীপাঞ্জল, বিজেন্দ্ৰ, আলিম আৰু ঈশ্বৰেও দেখিলে জুই,

তেজে ধোৱা পঞ্চ-শ্বহীদ দেশমাতৃৰ কোলাত আছে শুই ৷

খৰি ফলাদি জাতিক ফালিছে, দাউদাউকৈ যেন জ্বলিছে জুই

জাতিৰ মূৰত জ্বলিছে হৃদয়তো জাতিৰ একুৰা জুই ৷

চৰকাৰ তই জ্বলাইছ, মই নুমুৱাম,

ময়েই ‘ফায়াৰ ব্ৰিগেড’ হৈ পানী ছটিয়াম, মই জুই নুমুৱাম ৷।

Exit mobile version